পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
—জন্ম—

সেই টোপোলাৰূপী জ্ঞানবৃক্ষৰ ফল যে নাখাইছিল আৰু সেই ফলৰ এচকল আদচকল সেই ফলভোক্তাজনৰ পৰা আমিও যে নাপাইছিলোঁ সেইটো ন দি ক’ব নোৱাৰোঁ।

 ১৮৮৬ খৃষ্টাব্দত শিৱসাগৰৰ গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা এস্ট্ৰেন্স পৰীক্ষাত উঠি মই কলিকতাত পঢ়িবলৈ আহিলোঁ আৰু তাৰ দুবছৰৰ পিছত ১৮৮৮ খৃষ্টাব্দত এফ.এ. পৰীক্ষাত উঠিলোঁ যেতিয়া, তেতিয়া মই ভাবিলোঁ, মই আৰু আগৰ সেই ল’ৰাহঁতৰ ভিতৰত নাই, ডাঙৰৰ শাৰীলৈ প্ৰমোশ্যন পাইছোঁ, এতেকে মোৰ অনেক দিনৰ আকাংক্ষা এতিয়া সহজে পুৰোৱাতো আৰু কোনো বিঘিনি নঘটিব ইয়াকে ভাবি মই কলিকতাৰ পৰা এবাৰ মোৰ সোঁৱৰণীখন খুজি দেউতালৈ চিঠি লিখিলোঁ। কিন্তু এফ.এ. পাছ মোৰ স্বৰাজ লাভ কৰিবৰ যোগ্যতাৰ বিষয়ে দেউতাৰ যদিও তেতিয়া আপত্তি নাছিল, তথাপি মোৰ দুৰদৃষ্টৰ গুণত মোৰ চিঠি পাই তেওঁ ‘ওলোটা বুজিলি ৰাম’ হ’ল। দেউতাই ভাবিলে মই মনে মনে বিলাতত পঢ়িবলৈ যাবলৈ ফন্দি কৰিছোঁ সেই দেখিহে এতিয়া মোক সোঁৱৰণী লগা হৈছে। গতিকে উত্তৰত মই দেউতাৰ পৰা সোঁৱৰণী সলনি ডাবি আৰু বিলাত যাত্ৰাৰ বিৰুদ্ধে অলংঘনীয় শপত পালোঁ। এইখিনিতে লাহেকৈ কৈ থওঁ যে যদিও এই সোঁৱৰণী প্ৰাৰ্থনা-ব্যাপাৰৰ কালত মোৰ বিলাত প্ৰয়াণৰ নিচিনা কোনো দুৰভিসন্ধি নাছিল, তথাপি যে কিছুকালৰ পিছত মোৰ মনত এনে এটা অদম্য অকাংক্ষা উদ্ভুত হোৱা নাছিল আৰু সেই আকাংক্ষা পূৰ্ণ কৰিবলৈ চেষ্টা কৰাও নাছিলোঁ, মন খুলি এনেকৈ ক’ব নোৱাৰোঁ, কিন্তু এইটোও কওঁ যে তেতিয়াও পিতৃদেৱতাৰ অলংঘনীয় শপতে মোৰ সেই দুৰ্দান্ত আকাংক্ষাৰ “উছিত মঞ্চত চড়ি কেশত ধৰি তাৰ ঘণ্টা লাড়ি” পিতৃ ভক্তিৰূপ জগতৰ ভৰ দি তাক মাৰি মোৰ মন-সমজ্যাত পেলাই চোঁচৰাই লৈ