মোৰ জীৱন সোৱৰণ বোৰৰ আৰু ওচৰ-চুবুৰীয়া সমবয়স্ক বালকবৃন্দ নেতাৰ স্থান মই অধিকাৰ কৰিলে, আৰু সেই অধিকাৰত কোনো বিবাদী নহল। পৰিচালনাত পৰিপক্ক বালকবৃন্দৰে সৈতে অনেক প্ৰকাৰ ৰং ধেমালি আৰু খেলত মই পৈণত হৈ পৰিছিলো; যেনে,—হৈ-গুদু, টাংগুটি, লুকা-ভাকু, পচি, কচুগুটি বাঘ-গৰু খেলা, গছত উঠা, বৰশী বাই মাছ ধৰা, ইত্যাদি ইত্যাদি। সেই কালত ফুটবল, হকি, আৰু টেনিছ খেলে আমাৰ দেশত উকি মৰা নাছিল , অৱশ্যে ক্ৰিকেট খেলা দেখিছিলোঁ, আৰু অলপ ডাঙৰ হৈ দুই-চাৰি দিন খেলিছিলোও। আমাৰ এটা পানী-খোৱা পুখুৰী আছিল, আৰু সি আহল-বলত পৰি- মৰা বিধৰ নাছিল; অৰ্থাৎ সেইকালত তাক এটা বুজন বিধৰ পুখুৰীকেই বুলিব লাগে। বাৰিখ তাত পানী উপচি থাকিছিল, আৰু ৰালি পানী শুকাই সি কেটেঙাও নহৈছিল। বাৰিখা পৰ্বতৰ টিঙত যেনেকৈ মৰাৰ আনন্দৰ চালি, বাৰিখ আমাৰৰ সেই পুখুৰীৰ পাৰত হাহি ধেমালি আৰু খিকিন্দালি। দিন নাই, ৰাতি নাই, সময় নাই, অসময় নাই, কাৰণ-অকাৰণত সেই পুখুৰীত আমাৰ নাদোৰ সাতোৰ সাপ আৰু ধৰ। থিয়-সাতোৰ, চিলনী-সাতে, আদি কত ৰকমৰ সাতোৰৰ আন্দোলনেৰে সেই পুখুৰীত হেন্দোদোপ লগাইছিলো, তা আমি জানিছিলো আৰু সেই পুখুৰীয়ে জানিছিল। বোকৰে। আমাৰ অতিৰিক্ত উৎপাতৰ প্ৰতিবাদ স্বৰূপেই হবলা, এদিন আবেলি সকলোৱে দেখি আচৰিত মানিলে যে হঠাৎ সেই পুখুৰীটো খলকিবলৈ ধৰিলে। চাৰিউপাৰৰ ফালৰ পৰা পানীবোৰ, কিহে কব নোৱাৰৰ, সামৰি নি পুখুৰীৰ মাজৰ নাৰ ওচৰত গোটাই পত ও টিং যেন কৰিলে আৰু খন্তেকতে চাৰিউপাৰৰ ফালে মাৰি পঠিয়ালে; আকৌ সেইদৰে চাই ওখ কৰিলে, আকৌ মেলি দি চাৰিউপাৰ ঢৌৱাই পেলালে, ঠিক যেন পুৰীৰ সাগৰৰ পানীৰ ঢৌৰ
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৬৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই