পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৪ মোৰ জীৱন সোৱৰণ বিটো খাৰঘৰৰ পৰা ৰবাৰ সংগ্ৰহ কৰি মোৰ ক্ষুদ্ৰ কিল্লাটো ফতে কৰিলে, সেই খাৰঘৰৰ পৰাই অতি গৱে ময়ো খাৰ-বাৰুদ সংগ্ৰহ কৰি সিহঁতেৰে সৈতে সমানে ৰণ দিম। যেনে সল্প তেনে কাৰ্য্য হল; সিহঁতে পঢ়া বলা পদ্যৰ কিতাপখন দুই চাৰি দিনতে পঢ়ি আৰু সিহঁতে মুখস্থ কৰি থোৱা কবিতা কেইটা মুখস্থ কৰি পেলালে॥ তেতিয়া সিহঁতে পন্য মাতিলে ময়ো যেতিয়া সিহঁতেৰে সৈতে সমানে সেই পথ মাতি বা সিহঁতে মাতোতে লৰি আগবাঢ়ি কাউণ্টাৰ ফায়াৰ Counter-freএৰে অৰ্থাৎ প্ৰত্যগ্নিৰে পদ্যাগ্নি নুমাবলৈ ধৰিলো, আমাৰ ভিতৰত সংঘটিত পদ্য-যুদ্ধখন স্থগিত হৈ শান্তি স্থাপিত হল। কিন্তু কুইনিনে হেঁচা মাৰি ধৰি ৰখা মেলেৰিয়া অৰৰ নিচিনাকৈ সোনকালে সি আন কাৰেৰে দেখা দিবলৈ সৰহ দিন নালাগিল। ওপৰত কৈ অহা খণ্ডযুদ্ধত যদিও যোদ্ধা দুজন হাৰিছিল, সিহঁতে আকৌ শক্তি সংগ্ৰহ কৰি মোৰ সৈতে গেৰিলা বাৰফেয়াৰ” Guerrilla- Warfare অৰ্থাৎ অনিয়মিত ভাৱে ‘হায়নি যুদ্ধ’ আৰম্ভ কৰি দিলে। এই যুদ্ধত বলা যাত্ৰা-গানৰ “টে (Tank) ওলাল। আমি শিৱসাগৰলৈ যোৱাৰ কিছু দিনৰ আগতে হেনন বৰপেটাৰ বিখ্যাত তিবিৰাম ৰায়নে তেওঁৰ বলা যাত্ৰা গানৰ পালা লৈ উনি দিখিয় কৰি ফুৰিছিল। বায়নৰ সেই যাত্ৰাগানৰ বতৰ্গত ৰাধাৰ “মানতান পালাৰ পৰা একো একোটা গাৰৰ একে-একে বিকৃত টুকুৰা সৰ- নয়-তাপূণ্য কৰি গিৰিপৰোৰ ওপৰেদি দুয়ে স, হ, কৰে চলিবলৈ ধৰিলে; আৰু তাৰ প্ৰবল পতিত না-তাৰ গানবোৰ শোতে চুণীত হবলৈ ধৰিলে। সেই তৰোৰ এভোৰ ফৰ এতিয়াও মোৰ মনত গধূৰ হৈ পৰিছে; যেৰে; ই! আগে এ বিলি যেতে যেতে। এন কা কে মিনেলে।