পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় কন্ধ প্ৰথম আধ্যা। স্কুলীয়া জীৱন- অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগৰৰ দৃশ্য অসম ৰাজপ্ৰতি- নিধিৰ ছহৰ গুৱাহাটীৰ দৃশ্যতকৈ সুকীয়া। গুৱাহাটীৰ গাত লুইতৰ বিহা-মেখেলা, ডিঙিত পৰ্বতৰ সাতসৰী হ'ৰ, মূৰত ভুবনেশ্বৰীৰ ধৱল কিৰীটি, বুকুত উমানন্দ আৰু উৰ্বশী। শিৱসাগৰ সমতল, চকুৰে দেখালৈকে প্ৰায় পৰ্বতশূন্য নিৰাতৰণা;-মাথোন তেওঁৰ ক্ষীণ হাত দুটি দিখৌ আৰু দিচাং নামৰ সৰু সৰ বলয় এজুৰিয়ে অলপ উলাই ৰাখিছে। গুৱাহাটীৰ পৰা নাৱেৰে আহোতে, ব্ৰহ্মপুত্ৰৰ ওচৰত বিদায় লৈ দিখৌৰ বুকুত সোমাওঁতে মোৰ যেনে লাগিছিল, নামনি আৰু মাজ-অসম এৰি ৰংপুৰ চহৰত সোমাতেও মোৰ তেনে লাগিছিল। নতুন ঠাই, আমাৰ নিজা পুৰণি বৰ ৰংপুৰলৈ যাব লাগিছে, ৰংপুৰ নোপোৱালৈকে এই আমন্দই যেনেকৈ মোক আপুত কৰি ৰাখিছিল, ৰংপুৰ পালত, সেই আনন্দ এটা অনিৰ্বচনীয় বিৰাগে তাই পেলালে। অসম দেশখনক গোটই ভাৰতৰ আন আন দেশবোৰেৰে সৈতে ৰিাই কোনো-কোনোৱে একাইকুক বুলি উপঙ কৰা শুনিছে; তেনেকুৱা উলুঙীয়া ৰিজনিকে দি যদি মামনি অসমেৰে সৈতে উনীৰ শিৱসাগৰ গোৱা যায়, তেনেহলে শিৱসাগৰকো অসম একাইৰ চুক বুলিলে বুলিব পাৰি। এত আকুতিত মহলেও এতিত- কিকাৰ চুটো গ্ৰাফ আমায় কৰি চলিলে