পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-কমলাবৰীয়া ভকতৰ ভাৱনা- কমলাবাৰী সত্ৰৰ ভকত সকলে এবাৰ কি দুবাৰ পিতৃদেৱতাৰ আহবানত আহি লক্ষীপুৰত ভাৱনা কৰিছিল। সেই ভাৱনা চাই যে আমাৰ কি মহানন্দ হৈছিল, কৈ শেষ কৰিব নোৱাৰে। ভাৱনা হৈ যোৱাৰ এবছৰমান পিছলৈকে আমাৰ মুখৰ পৰা ভাৱনাৰ ভাৱৰীয়াৰ বচনবোৰ গুচিছিল, আৰু সময় অসময় থল-অথল বিবেচনা নকৰি আমি ভাৱৰীয়াৰ ভাও দি ফুৰিছিলো। এটা ভাৱনা বোধৰে জৰাসন্ধ বধ আছিল। মই আৰু মোৰ ককাইদেও শ্ৰীনাথ, দুয়ো কলা-হুৰাৰ দুলাল গা কৰি লৈ ঘৰৰ চোতালত বীৰৰসাত্মক বচন মাতি পৰম বিক্ৰম প্ৰকাশ কৰি যুজি ফুৰিছিলোঁ, আৰু দুইৰৰ পিঠিত কলা-ঠহুৰাৰ গদাৰে দুইও ধুপ ধুপ কৰে কোবাই গদা দুডাল ঘুগুলাপচলা কৰি ছিলো। আমাৰ দুইৰৰ তুমুল যুদ্ধত প্ৰদশিত বল-বিক্ৰম দেখি ঘৰুৱা তিতাসকল আৰু চাকৰ মাকৰবোৰে পৰম বিস্ময় মানি তথা লাগিছিল, আৰু সেই দৰ্শক সকলৰ উচ্চাৰিত শলাগ আৰু উছাহ বাক্যত আমি দুই ভাই ভীম-জৰাসন্ধ ওফন্দি পৰি দুয়ো আৰু বেগেৰে তয়া-ময়া যুজ লগাই দিছিলোঁ। লাহে লাহে এই জাল আৰু বাউল ভীম-জৰাসন্ধ জোৰৰ যুঁজৰ কোব ইমান বাঢ়ি উঠিছিল যে, আমাৰ “চুপ ভাইচৰ কাৰবিনাথে, “নাম নহৈ কোদোৰ বাহ” হবগৈ বুলি আশা কৰি, To preserve Law and Order অৰ্থাৎ আইন আৰু শান্তিৰ নিমিত্তে, এক মাথোন তেওঁৰ আৰাই সলিত, এচাৰিত আৰু প্ৰচলিত দণ্ডবিধি আইনৰ কোনো এটা Section বা ধাৰা মতে কৰা কুৰ জৰি কৰি Further বুক বন্ধ কৰি দিলে। কোনো সেত বা বেগৰ দ্বাবিক outlet অৰ্থাৎ বাট বা কৰি দিলে, যেনেকৈ সি বাবিকতে বৰহ under pound হয়, অৰ্থাৎ আত্মগোপন কৰি