পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

-ধনী লগুৱাৰ কথা-

 ধনী নামৰ আমাৰ এটা লগুৱা আছিল। তাৰ ঘৰ যোৰহাটৰ ওচৰৰ চাওখাট মৌজাত। বাস্তবিকপক্ষত সেই কালত চাওখাটক আমাৰ ঘৰৰ পক্ষে লগুৱাৰ বৰ-ভঁৰাল বুলিলে বঢ়াই কোৱা নহয়। বেঙ্কলৈ চেক (cheque) পঠিয়াই দিলে টকা পোৱাৰ দৰে আমাৰ দেউতা আৰু ককাইদেও সকলে, আৱশ্যক মতে চাওখাটলৈ বাতৰি পঠিয়াই তাৰ পৰা লগুৱা পাইছিল। ধনীৰে সৈতে তাৰ ককায়েক গোজৰ আৰু ভায়েক সিদ্ধিৰাম, এই তিনিও পাল পাতি এবছৰ- দুবছৰকৈ দেউতাৰ লগত নগাওঁ, বৰপেটা, তেজপুৰ, লক্ষীম্‌পুৰ আৰু গুৱাহাটীত লণ্ডৱা কাম কৰিছিল; আৰু সিহঁত আমাৰ পাৰিবাৰিক সঙ্ঘৰ অঙ্গপ্ৰত্যঙ্গশ্বৰূপ হৈ পৰিছিল। আজি-কালি লগুৱা আৰু গিৰিহঁতৰ ভিতৰত যেনেকৈ মাথোন দৰমহাৰহে সম্বন্ধ, সেই কালত তেনে নাছিল; সেই কালত লগুৱা-লিগিৰীবোৰ গৃহস্থৰ পৰিয়ালৰ একো-একোটা অপৰিহাৰ্য্য অঙ্গ আছিল। ধনৰ সম্বন্ধতকৈ মৰমৰ সম্বন্ধ প্ৰবল আছিল। হিন্দুশাস্ত্ৰৰ সুন্দৰ অনুশাসন—“ছায়া স্বদাসবৰ্গশ্চ” অৰ্থাৎ দাস-দাসীবোৰ গৃহৰ গাৰ ছাঁৰ নিচিনা, এইটো বৰ্ণে বৰ্ণে প্ৰতিপালিত হৈছিল। অসমীয়া ‘লগুৱা’ শব্দটোৱেই এই কথাৰ সাক্ষি ফট্‌ফটীয়াকৈ দিয়ে। মনত আছে আমাতকৈ বয়সে ডাঙৰ লগুৱা-লিগিৰীক আমি সম্মানেৰে সৈতে মাতিছিলোঁ। তোলন আৰু ঘিণলাগী গিৰিয়েক ঘৈণীয়েক। সতি-সন্ততিৰে সিহঁত এঘৰ ভাল গৃহস্থ৷ এই ঘৰ লগুৱা-লিগিৰী আমাৰ ৰংপুৰৰ ঘৰৰ টোলৰ ভিতৰত সদায় আছিল। তোলনক “ঘৰগিৰী” আৰু “ককাই’’ বুলি, আৰু ঘিণলাগীক ‘ঘীণলাগী বাই’ বুলিহে আমি লৰাবোৰে মাতিছিলোঁ। কেতিয়াবা