মোৰ জীৱন সোৱ ৰণ ১৮ অৰ্থাৎ কাৰিকৰী নাছিল, আৰু যদিও তাৰ “গলা সুৰ-সধা” নাছিল, তথাপি এই কণা মোমায়েই মোৰ অনেকখিনি অভাৱ পূৰণ কৰিলে। মই তাক হেপাহ পলুৱাই বজাই অতি সংগোপনে লুকাই থলে। কিন্তু কংসৰ চোৰাংচোৱাৰ তীক্ষ্ণ দৃষ্টি সি অতিক্ৰম কৰিব নোৱাৰিলে; কোনো চৰিয়াৰ সহায়েৰে ককাই সেই গুপ্ত নিধি আবিষ্কাৰ কৰি লুপ্ত কৰি দিলে। অনুসন্ধানৰ ফলত ককাৰ জ্ঞানোদয় হল, যে এই বাৰৰ সুতুলিৰ জন্মদাতা দুৰ্গেশ্বৰ শৰ্মা নহয়, আমাৰ লগুৱা লৰাটোহে! তাক তেওঁ মাতি আনি কৰাকৈ ডাবি দি কলে যে ভবিষ্যতত সি যেন আৰু তেনে দোষাবহ কাম নকৰে। মই বাট এন্ধাৰ দেখি দুথত দুদিন নিকাহ হৈ বহি আছিলো। হঠাৎ বিজুলী মৰাৰ দৰে মনলৈ উছাহ আহিল; মই ভাবিলে, মই নোম নিজ হাতে সুতুলি এটা সাজি নলও কিয়? যেনে ভাবোদয় তেনে কাৰ্য। লৰি গৈ শৰ্মাৰ ঘৰৰ পৰা কুমাৰমাটি এসোপা সংগ্ৰহ কৰি আনি সুতুলি সাজিবলৈ লাগি গলো। প্ৰথম চেষ্টা বিফল হল। দ্বিতীয় চেষ্টা সফল-বিফলৰ মাজতে ৰল। তৃতীয় চেষ্টাত কৃতকাৰ্য্য হলো। এক প্ৰকাৰ চলি যাব পৰা সুতুলি এটা মই বহন্তে নিৰ্মাণ কৰি পেলালে আৰু ফুৰাই তাৰ পৰা মাতো উলিয়ালো। কৃতকাৰ্য্যৰ সফলতাত মোৰ মন উলিত হল। দুপৰীয়া ককাই ভাত খাই উঠি শোৱা পাটীত পৰি নিদ্ৰাক আহবান কৰি আছিল, এনেতে হঠাৎ তুলিৰ সুৰৰ ৰাম নাম তেওঁৰ কাণত পৰিল। তেও উত্তেজিত হৈ একে চাবেই উঠ মোৰ ফালে চেচা ললে; মই দিলে। লৰ। মোক সৰ দূৰলৈ খেদি যোৱাটো নিল বুলি তেওঁ আঁতৰৰ পৰা ৰিঙিয়াই শাসন কৰি কলে-“বাৰু আজি ডাঙৰীয়া কছাৰীৰ পৰা আহ, কোবত তোৰ পিৰ হাত তোলা। এই নাম- অমি মোৰ মন কৰি গল, মই নি বেলিৰ মূৰ উভতি আহি, তেওৰতত মোৰ বুকুৰ বাৰ তুলিটো সৰ কৰি ৩০
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই