বি-ককাৰ কথা- ১১ কাহীৰ চাৰিউকাযে তিনি চাৰিখন আজাৰ বাটী আৰু ওচৰতে গাখীৰৰ বান-বাট সাই দিয়া হৈছিল। বেঢ়া-শাহীত ভাত খাবলৈ বহিবলৈ খুৰা-দিয়া বৰ-পিৰা, ওচৰত মুখ ধুবলৈ বৰ চৰিয়া, আৰু ৰিকা লবলৈ খৰিকা-দানিত একো ভালকৈ কটা খৰিকা খোৱা হৈছিল। বাকী সকলৰ কঁহী-বাটী মজিয়াৰ মাটিৰ ওপৰত দিয়া হৈছিল। সভাত সভাপতিৰ যি কাম, মতিয়াৰ সভাত দেউতাৰৰ প্ৰায় তেনেকুৰাই কাম আছিল। মজিয়াত হোৱা গভীৰ গঢ়ৰ কথা বাৰ্তাত দেউতাৰ সমালোচনা আৰু শেষ সিদ্ধান্ত এদনীয়া। সেই মহিয়াৰ সভাত আমাৰ ককা ৰবিনাথ বৰা এজন সৰ্ববাদীসন্মত সংবাদদাতা আৰু সুষোগ্য বক্তা। দেউতাৰ অনুপস্থিতিত ওৰে দিনটো ঘৰে বাহিৰে সংঘটিত কায্য-কলাপবোৰৰ সংক্ষিপ্ত বা বাল্য বিবৰণ কাৰ অভিৰুচিমতে ককাই সেই সভাত দেউতাৰ আগত “পেচ কৰিছিল। আমিতো লৰাৰ দলে ওৰে দিনটো চটফটাই পৰি-চাপৰি, হহি খিকিন্দালি মাৰি ফুৰোঁৱেই; আৰু দেউতা কছাৰীলৈ যোৱা ভোব কাল আমাৰ ৰাম-ৰাজ, তেতিয়া তাৰ মাত্ৰা স্বভাৱতে চৰেই। ককাই প্ৰায় আমাৰ বাল্যক্ৰীড়াৰ ৰসত কৰি আমাক দুমিয়ায় “ব, খালি ডাঙৰীয়া আহিলে কৈ দিম।” বালক-সুলভ চপলতাৰ বশবৰ্তী হৈ আমি অনেক সময়ত ককাৰ গুৰু-গম্ভীৰ গৰ্জন কাণৰ বিন্ধাত সোমাবলৈ নিদিও, আৰু অনেক সময়ত, ককাই খাই-বৈ দুপৰীয়া শোওতে তেওঁৰ গা পিটিকি দি, নাইবা পিঠিৰ ঘামচি মাৰি দি, সেই সেৱা-শুক্ৰবাৰ ছেচীৰে তেওঁক শান্ত কৰি আগন্তুক বিপদৰ হাত সাৰে। কিন্তু একো একো দিন আমাৰ দুৰৰ ফলত এনেকুৱা শান্তিপ্ৰদ টোয়েও ককাক শান্ত কৰিব নোৱাৰে; তেওঁ বালক আচাষীবোৰৰ পৰা অসঙ্কুচিত চিত্তে ভেচও খায়, আৰু নিমখ হাৰাষী কৰি আচাৰীৰ বিপক্ষে তাকিও দিয়ে। ফলত, দেব ও লঘুত্ব অনুসাৰে দেউতাৰ পৰা আমাৰ ও সাত ••
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই