মোৰ জীৱন সোৱৰণ দেউতাৰ গোৰ্মইঘৰত মূৰ্তি আৰু শালগ্ৰাম পূজা কৰাৰ বাৰ ককাৰ পাত ছিল; আৰু আমাৰ নাৰসৰ অন্তত দেউতাকে প্ৰমূখ্য কৰি আমাক সকলোকে দীঘলীয়া আশীৰ্বাদ নাতি আশৰ্বাদ কৰিবৰ বালও তেওঁৰ গাত আছিল। ককাৰ আশীৰ্বাদ দীঘলীয়া গৎ আজিলৈকে মোৰ মনত আছে। ফক পুৱাই সোনকালে শোৱাপাটীৰ পৰা উঠিব নোৱাৰিছিল; অথচ আমাৰ পিতৃদেৱতা early riser, ব্ৰহ্ম মুহূৰ্ততে দেউতাই শয্যা ত্যাগ কৰিছিল। কাকো বেলিকৈ শুই থকা দেখিলে দেউতা বৰ এ বৈলি। বেলিকৈ শুই থকা ককাক সেই দেখি দেউতাই আবি হকি দি শশাৱাপাটীৰ পৰা ভোলাটো দেউতাৰ নিত্যকৰ্মৰ দৰে হৈ পৰিছিল। সেই সময়ত ককাৰ প্ৰতি দেউতাৰ সৰোখনবোৰ আছিল—“টোপনি-গধুৰ!” “গা-গধুৰ!” ইত্যাদি। ককা কি নিদ্ৰাসুখত অটল স্বভাবৰ আছিল। তেওঁ ডাবিও খাইছিল, মুখেৰে একাষাৰ কথাও নেমাতিছিল, আৰু লগে লগে “টোপনিৰ চিকুন পুৰা” এই বিচক্ষণ বচনৰ সাৰ্থকতা সম্পূৰ্ণৰূপে উপলব্ধি কৰি পুৱাৰ নিদ্ৰাসুখ যোল অনা উপভোগ কৰিবলৈকো নেৰিছিল। গতিকে দেউতা আৰু ককাৰ ভিতৰত এই প্ৰাত্যহিক প্ৰাতযুদ্ধটো আমাৰ এটা উপভোগৰ বন্ত হৈ উঠিছিল। আমি সকলোৱে দেউতাৰে সৈতে একে মজিয়াতে বহি ভাত খোৱা নিয়ম আছিল। আমাৰ ঘৰত ভাত খোৱা মজিয়াননা সৰু সুৰা নাছিল, তাত কুৰি-পচিশ জনে নিৰ্বিবাদে শাৰী পাতি চাৰি- উফালে বহি ভাত খাব পাৰে, আৰু সেইদৰে নিতৌ খোৱা হৈছিল। দেউতা পূবফালে পশ্চিম-মুৱা হৈ বহিছিল। পান খাৰৈয়াসকল উত্তৰে দক্ষিণে পশ্চিমে পৰম্পৰ মুখামুখি কৰি বহিফিল। বঢ়াৰ ওপৰত খোৱা ডাঙৰ কাৰীত দেউতাই ভাত খাইছিল, আৰু সেই
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই