উঠিবলৈ বৰকৈ কান্দিছিল; সেইবাবে দেউতাই বাঢ়ৈ এটা মতাই আনি তাৰ হতুৱাই কাঠৰ ঘিলা দিয়াই কাঠৰ সৰু মুকলি পেৰা এটাৰ গাড়ী এখন সজাই টৌ-ৰামকো তাত উঠি ফুৰাবলৈ দিহা কৰাই দিছিল; আৰু গাড়ীত উঠি টৌ-ৰামৰ যি মহানন্দ হৈছিল, সেইটো দেখি দেউতাই মহানন্দ পাইছিল।
আমাক ফুৰাব-মেলিবলৈ আৰু সততে আমাৰ তত্ত্বাৱধান কৰিবলৈ আমাৰ দূৰ-সম্পৰ্কীয় ককা এজন আছিল, তেওঁৰ নাম ৰবিনাথ মাজুদলৰ বৰুৱা। তেওঁৰ ঘৰ যোৰহাটৰ পকামূৰা মৌজাত। তেওঁ যদিও সম্পৰ্কত আমাৰ ককা, কিন্তু বয়সত আমাৰ দেউতাতকৈ অনেক সৰু। তেওঁ আমাৰ ধেমালিৰ লগৰীয়া, কায্যৰ অভিভাবক, সাধুকথাৰ কুকি, আৰু মহাভাৰত ৰামায়ণ আদি পুৰাণৰ গল্পৰ টোপোলা আছিল। তেওঁ আমাক গধূলি পুৰাণ, মহাভাৰত, ৰামায়ণ আদিৰ পৰা ভাল ভাল উপাখ্যান সাধুকথাৰ গঢ়েৰে এনে মন-মোহকৈ বৰ্ণাই কৈছিল, যে আমি শুনি পৰমানন্দ লভি ভোঁ হৈ থাকোহঁক। পুৰাণৰ কাহিনীৰ বাহিৰেও ককাই আমাক ৰজা, প্ৰজা, ভূত, প্ৰেত আদিৰ সাধুও কৈ আমোদ আৰু ভয় প্ৰদান কৰিছিল। আমি কান্দিলে, তেওঁ “বৰ-বুঢ়া” “মাজু-বুঢ়া” আৰু “সৰু-বুঢ়া” এই তিনি বুঢ়াৰ সাধুত এনে ৰহন সানি ভয়ঙ্কৰকৈ কৈছিল যে আমি শুনি কন্দা এৰি ভয়তে টেপা খাইছিলো- হঁক। এদিন আলিবাটেদি যোৱা এটা অদ্ভুত গঢেৰে কাপোৰ পিন্ধা দঢ়ীয়া বুঢ়া মানুহ দেখি তেওঁ আমাক মাতিলে “লৰাহঁত! চাহঁকচোন, সৌটো মাজুবুঢ়া যাব লাগিছে!” আমি লৰি গৈ “মাজু-বুঢ়াক” সে- শৰীৰেৰে যোৱা দেখা পাই এনে ভয় খাইছিলোঁ, যে আমি কন্দা-কটা, দেওপৰা আৰু দুষ্টালিৰে সৈতে এমাহমানলৈকে সম্পৰ্ক পৰিত্যাগ কৰিছিলোহঁক; আৰু আমাক ধৰি নিবলৈ “মাজু-বুঢ়াক যেন তেওঁ আৰু নকয়, আমি আৰু কেতিয়াও নাকান্দো, দুষ্টালি নকৰো, এই কথা