পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
-তেজপুৰীয়া জীৱন-

ধৰিছিল, আৰু দুয়ো দবৰাদবৰিকৈ বাগৰি আহি পানীৰ জুঁৱলিত পৰিছিল; এনেতে আমাৰ নাও অহা দেখি বাঘটো আঁতৰি গল। যি হওক, আমাৰ নাৱৰ নাৱৰীয়াহঁতৰ আৰু লগুৱাকেইটাৰ মহা আনন্দ মিলিল যে সিহঁতে গোট পহু এটা পাইছে, হেঁপাহ পলুৱাই পেট ভৰাব খাব। আমি লৰাবোৰৰ মনতো যে তেনেকুৱা ভাবৰ সঞ্চাৰ নহৈছিল এনে নহয়; কিন্তু নাৱৰীয়া আৰু লগুৱাহঁতৰ অভিলাষ পূৰ্ণ হল, আমাৰ নহল; কাৰণ পহু মাইকী, সেই দেখি দেউতায়ো নাখালে, আৰু আমাকো খাবলৈ নিদিলে। বালকবৃন্দৰ মৃগ-মাংস ভোজনৰ প্ৰবল প্ৰবৃত্তি এইদৰে পৰাভূত হল। জীবিত অবলা জাতীয় প্ৰাণীৰ প্ৰবল শক্তিৰ কথাই নাই, মৃত অবলাও কেনে প্ৰবলা সেইটোৰ প্ৰমাণ আমি হাতে হাতে পালোঁ।

 তেজপুৰলৈ আহি আমি কত উঠিছিলোঁ, কাৰ ঘৰত আছিলোঁ, আৰু কেতিয়া নিজৰ সুকীয়া ঘৰলৈ গলোহঁক, মোৰ একো মনত নাই। মাথোন তেজপুৰৰ পৰ্ব্বতৰ ওখ চাপৰ টিলাবোৰ, আৰু ৰঙা বাট-পথবোৰ দেখি মোৰ মনত নথৈ যে ৰং লাগিছিল, সেইটোহে মনত আছে। তেজপুৰৰ আৰু গোটাচেৰেক কথা মনত আছে; যথা- (১) আমাৰ ঘৰৰ কাষতে মুকলি ঠাই এডোখৰত সুন্দৰ সুগন্ধ ফুলেৰে ভৰি থকা ঢেপাইতিতাৰ সৰু সৰু গছৰবোৰ (২) দেউতাৰে সৈতে আমি নিকামল সত্ৰলৈ যোৱা। (৩) তেজপুৰত এখন কুমাৰ- গাওঁ আছিল; কুমাৰবোৰ সততে আমাৰ ঘৰলৈ আহিছিল, আৰু সিহঁতে সদায় আমাক মাটিৰ জুনুকা আৰু ভুৰুকা উমলিবলৈ দিছিল। (৪) তেজপুৰতে মোৰ ভাই লক্ষ্মণৰ জন্ম হৈছিল; আৰু লক্ষ্মণ ওপজাৰ দিন-চেৰেকৰ পিছতে আমাৰ আহিনী নামৰ বান্দীজনীৰ লৰা এটা হৈছিল। আৰু মনত আছে, লক্ষ্মণক বিলাতী 'পিৰেম্বুলেটৰ' গাড়ীত তুলি ফুৰাবলৈ নিয়া দেখি আহিনীৰ পুতেক টৌ-ৰামে সেই গাড়ীত