পৃষ্ঠা:Mor Jeevan Sowaran.djvu/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মোৰ জীৱন সোঁৱৰণ

আছিলোঁ। সেই কথা গধুলি দেউতাই কাছাৰীৰ পৰা আহি শুনি তেওঁলোকক আৰু মোকো ধৰি চেকনিৰে কোবাইছিল।

 ২য়টো।-তেনেকুৱা বৰপানীত কৰবালৈ দেউতাৰে সৈতে আমি নাৱেৰে যাওঁতে দেখিছিলোঁ,—কিছুমান বনৰীয়া মহ সাতুৰি গৈছিল, আৰু দূৰৈৰ পৰা সিহঁতৰ কলা শিংবোৰ মাথোন দেখা গৈছিল।

 ৩য়টো।-দেউতাৰে সৈতে সততে আমি বৰপেটাৰ কীৰ্ত্তন- ঘৰলৈ গৈছিলোঁ। কীৰ্ত্তন-ঘৰৰ বৰ-খুটা, বৰ-গছা, আৰু কাঠিত অৰ্থাৎ বহল পিৰালিত বহি, বুঢ়ী ভকতনী সকলে নাম গোৱা দেখিছিলোঁ। কীৰ্ত্তন-ঘৰৰ বিষয়ে এই তিনটা কথাৰ সাঁচ আজিলৈকে মোৰ মনত পৰি আছে।

 ৪ৰ্থটো।—সত্ৰৰ হাটীত বৰবহাৰ আতৈৰ বহাৰ ভিতৰত হাতী- খুজীয়া বাটীত মহৰ এঠা দৈ-গাখীৰ আৰু এখামোচ গুৰেৰে সৈতে সুন্দৰকৈ কোমলা বোকা-চাউল বা কোমল-চাউলৰ জলপান খাইছিলোঁ।

 বৰপেটাৰ পৰা পিতৃদেৱতা তেজপুৰলৈ বদলি হৈ আহে; আৰু লগে লগে তেওঁৰ উপসৰ্গ আৰু প্ৰত্যয় সকলোবোৰ যায়। নাৱেদি আহোঁতে বাটত দেউতাই আঙ্গুলিয়াই আমাক দেখুৱা মনত আছে,-“সৌটো হাতীমূৰা পৰ্ব্বত! সৌটো পোৰা পৰ্ব্বত! সৌটো শিঙ্গৰি-পৰ্ব্বত।” ইত্যাদি।

 মনত আছে,-এদিন আমাৰ নাও পৰ্ব্বত এটাৰ কাষেদি উজাই আহোঁতে দেখিবলৈ পোৱা গল যে এজনী মাইকী পহু নৈৰ পাৰৰ জুৱলিত মৰি পৰি আছে। নাও ওচৰ চাপিলত, পহুজনী নাৱৰীয়াহতে টানি আনি নাৱৰ আগ-চৰঠত তুলিলে। দেখি অনুমান হল, অলপমান বেলিৰ আগতে বাঘে পহজনী মাৰিছিল; কাৰণ বাঘৰ কামোৰৰ ন সাঁচ তাইৰ গাত জাজ্বল্যমান, আৰু তাৰ পৰা তেতিয়াও তেজ টোপাটোপে বৈ আছিল। বোধকৰোঁ, পৰ্ব্বতৰ গাত বাঘে পহুজনী