ফুৰাবলৈ নেৰিছিল। পিতৃদেৱতা ঢুকুৱাৰ পিছত, প্ৰপিতামহ পিতামহ দেৱতা সকলৰ দিনৰে পৰা সংগৃহীত আৰু পিতৃদেৱতাৰ দ্বাৰাই অতি যত্নেৰে পৰিবৰ্দ্ধিত, আমাৰ ঘৰৰ মূল্যবান্ অসংখ্য পুৰণি পুথিবোৰেৰে সৈতে সেই সোৱৰণীৰ টোপোলাটো কলৈ গল, আজিলৈকে মই নাজানো। ইত্যাদি কাৰণত, মোৰ জন্ম-শকৰ সম্পৰ্কে মোৰ এই অজ্ঞতাৰ ইতিবৃত্ত, আৰু স্বেচ্ছাপ্ৰদত্ত কৈফিয়ৎ, যদি কোনোবাই বিচাৰে, সেই জনৰ সন্তোৰ নিমিত্তে এইখিনি দিয়া গল; নতুবা ই অনাবশ্যক আৰু অবান্তৰ মাথোন।
মোৰ জন্মস্থান—কত সেই important অৰ্থাৎ সাৰুৱা ঘটনা ঘটিছিল, মই থিৰাংকৈ কব নোৱাৰোঁ৷ জীবিত সকলৰ ভিতৰত কোনোৱে কব পাৰে বুলিও মই বিশ্বাস নকৰোঁ। ইয়াৰ কাৰণটো কি, অবশ্যে মই কবলৈ বাধ্য। মোৰ জন্ম-বিবৰণ যিটো মোৰ শ্ৰুতি- গোচৰ হৈছিল, সেইটো নিম্নলিখিত প্ৰকাৰ—
৺পিতৃদেৱতা মুন্সেফ কামত নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ নাৱেৰে গৈছিল। সেই কালত আসামত আজি কালিৰ নিচিনা জাহাজ চলাচল যে নাছিল, সেইটো কোৱাই বাহুল্য। আঁহতগুৰি নামেৰে এডোখৰ ঠাইৰ বালিত গধূলি নাও বন্ধা হল। ৺মাতৃদেবীয়ে বালিত আঁৰ-কাপোৰৰ ভিতৰত ভাত ৰান্ধিবলৈ সোমাইছিল, এনেতে তেওঁৰ গা বেয়া কৰাত, তেওঁ ভাত ৰান্ধিবলৈ এৰি নাৱৰ কুন্ধিলৈ আহিল, আৰু আজিৰ এই জীৱন-সোৱঁৰণ-লেখক তেতিয়াৰ কোনো এক শুভ মুহূৰ্ত্তত ভূমিষ্ঠ নহৈ নৌকাস্থ হল। শুনিছিলোঁ, সেইদিনা হেনো পূৰ্ণিমা আৰু ৺লক্ষ্মীপূজা আছিল; সেই দেখিয়েই এই লেখকৰ নাম পিছত লক্ষ্মীনাথ ৰখা হৈছিল। বিবৰণটোৰ গঢ়-গতি এই। আঁহতগুৰিৰ কাষৰ ব্ৰহ্মপুত্ৰৰ, সেই ভাত ৰন্ধা বালি কেতিয়া তল গল, সেই বালিৰ গৰা, সেই চাপৰি খহাই শান্তনুকুল-নন্দন অমোঘ-গৰ্ভসম্ভূত