এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
মনোমতী

লগত আমি কেনেকৈ যুঁজ দিম।” লক্ষ্মীকান্তই কলে:—“দেউতা! আমাৰ আটাইবিলাক বৰুৱা লগ লাগিলে আমি বৰফুকনক দেড়কুৰি দুকুৰি হাজাৰ ৰণুৱা দিব পাৰিম। আৰু দেউতাই আদেশ কৰক মানৰ এই যুঁজলৈ মই যাম।” হলকান্ত—“বাৰু। সেই বিষয়ে সময় মতে ঠাৱৰ কৰা যাব।”

 এইবিলাক কথাবতৰাৰ পাছত বৰুৱাৰ মেল ভাঙিল। সমজুৱা ছয়জন ঘৰাঘৰি গ’ল। বাপেক পুতেক দুয়ো আকৌ নিজ নিজ ঘৰলৈ সোমাল।