এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
মনোমতী

বন্দীহঁতক কি কৰিব এইটো আলচ কৰিবলৈ ধৰিলে। বুঢ়া কামডেঙ্‌ নামেৰে মানটোৱে মিঙ্গিমাহাক ক’লে—“সেনাপতি। এই বন্দীবিলাকক নো কি কৰা হ’ব?” মিঙ্গিমাহাই ক’লে— “তোমালোক দহোটাই যি ভাল দেখা তাকে কৰিম।” সেনাপতিক এই কথা শুনি কামডেঙে ক’লে—“তেন্তে সকলো সমজুৱাকে সোধা যাওক” এই বুলিয়েই কামডেঙে সমজুৱা বিলাকলৈ চাই সুধিলে—“ভাইহঁত! আমি কালি প্ৰাতসতে যুঁজলৈ যাম। আজিয়েই বন্দীবিলাকক যি হয় এটা কৰা যাওক। তোমালোকেনো কি কৰিব খোজা? ” কামডেঙৰ এই কথাত ডেকা ডেকা কিছুমান মানে উত্তৰ কৰিলে—“সিহঁতক কাটি পেলোৱা যাওক।” বুঢ়া বুঢ়া কেতখিনি মানে ক’লে—“সিহঁতক হাদিৰালৈ লৈ যোৱা যাওক। তাতে যি হয় কৰা যাব।” দুইও দলৰ এই মত শুনি কামডেঙে ক’লে—“তহঁত দুজাকে দুৰকম মত দিলি। আমাৰ এই বন্দীবিলাকক ইয়াৰ পৰা লৈ যাব লাগিলে সিহঁতক ৰখ পৰ দি নিওঁতে আমাৰ কেতখিনি মানুহ লাগিব। চন্দ্ৰকান্ত ৰজাই বা কিমান ৰণুৱা গোটাইছে তাৰ ঠিকনা নাই। সেই দেখি মোৰ মনেৰে হ’লে সিহঁতক ইয়াতে শেহ কৰি যোৱা ভাল। তহঁতে বা কি কওৱ।” কামডেঙৰ এই কথাত সকলোবিলাক মানেই অলপ পৰ জিৰাই সতাই ভাবি একেমুখে ক’লে—“তেন্তে বন্দীহঁতক ইয়াতে মাৰি পেলোৱা যাওক।” মানহঁতৰ এই দৰে একেমত হোৱাত কামডেঙ্‌ আৰু মিঙ্গিমাহাই বন্দীবিলাকক এজন এজন কৰি উলিয়াই