পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৫
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


অভিৰুচি হয় তাকে কৰক।” এইকথা শুনি দিঙ্গাৰ ৰজাই আনন্দ পাই, ভৱানন্দক বৰ সদাগৰ পাতি আদেশ প্ৰচাৰ কৰি দিলে আৰু ভৱানন্দৰ বঠাৰ নালত বগা চোৱৰ অৰাই দিলে।

 ইয়াৰ পিছত ভৱানন্দ বৰ সদাগৰে বুকু ফুলাই নিৰ্ভয়ে বৰ প্ৰতাপেৰে চাৰিউফালে বেপাৰ কৰি ফুৰিবলৈ ধৰিলে। আমি ওপৰত কৈ আহিছোঁ যে ভাস্কৰ গুৰুৱে শঙ্কৰক শাস্ত্ৰৰ তৰ্কত জিকিব নোৱাৰি শঙ্কৰৰ ধৰ্মমত খণ্ডাবৰ ইচছাৰে আকৌ ভালকৈ শাস্ত্ৰ পঢ়িবলৈ বুলি নবদ্বীপলৈ নাৱেৰে ভটীয়াই গৈছিল; আৰু তেওঁ শঙ্কৰক কৈ গৈছিল যে “যেতিয়ালৈকে শাস্ত্ৰৰ তৰ্কেৰে আপোনাৰ মত মই খণ্ডন কৰিব নোৱাৰে, তেতিয়ালৈকে আপোনাৰ প্ৰচাৰিত মততে চলিম।” দৈবক্ৰমে ভৱানন্দই উজাই আহোঁতে ভাস্কৰ গুৰুক লগ পালে। ভৱানন্দৰ নাও ভাস্কৰ গুৰুৰ নাৱৰ ওচৰতে ৰখা হৈছিল। দুপৰীয়া কায়স্থ ভৱানন্দই ব্ৰহ্মপুত্ৰত স্নান কৰি ৰাম-তৰ্পন আদি কৰি ভোজন কৰিবৰ আয়োজন কৰিছে; তেওঁ দেখিলে যে ব্ৰাহ্মণ ভাস্কৰে ব্ৰহ্মপুত্ৰত জোবোৰা মাৰিয়েই, সন্ধ্যা আহ্ণিক একো নকৰাকৈয়ে, ৰাম ৰাম বুলি ভাত খাবলৈ লাগিল। ব্ৰাহ্মণৰ এনে কাৰ্য দেখি ভৱানন্দই আচৰিত মানি ফকৰা মাতি ভাস্কৰক কলে “জপৰা বুৰ, চপৰা গৰাহ। মই কায়স্থ হৈ তৰ্পণাদি কৰিহে ভোজন কৰিবলৈ আয়োজন কৰিছো, আৰু তুমি বামুণ হৈ একো নকৰি চপৰাচপৰে ভাতৰ গৰাহ মাৰিলা?” এই কথা শুনি ভাস্কৰে উত্তৰ দিলে “শুনা বৰ সদাগৰ, শ্ৰীমন্ত শঙ্কৰে সেইবোৰ সকলো গুচাইছে, তেওঁ নাম-ধৰ্ম প্ৰচাৰ কৰি এনে মত প্ৰকাশ কৰিছে, যে মাত্ৰ ঈশ্বৰৰ নাম ললেই সকলো ধৰ্ম্ম-কৰ্মৰ ফল পোৱা যায়। সেইদেখি মই মাথোন নাম লৈয়েই ভাত খালোঁ। মই শঙ্কৰেৰে সৈতে বাদ কৰি হৰিলোঁ। সেই দেখি প্ৰতিজ্ঞা কৰি আহিছোঁ যে যেতিয়ালৈকে শাস্ত্ৰৰ দ্বাৰাই তেওঁৰ মত খণ্ডন কৰিব নোৱাৰোঁ তেতিয়ালৈকে তেওঁৰ প্ৰচাৰিত মত অনুসাৰে চলিম। সেইদেখি মই নবদ্বীপত পঢ়িবলৈ যাবলৈ আহিছোঁ।” এই খবৰ শুনি ভৱানন্দই সন্তোষ পাই ভাস্কৰ গুৰুক, শঙ্কৰদেৱ কত আছে শুধিলে। ভাস্কৰে কলে, শঙ্কৰদেৱ আসাম ৰজাৰ ৰাজ্যৰ ধুৱাঁহাট নামে এখন ঠাইত ভক্তি-ধৰ্ম প্ৰকাশ কৰি আছে। কিন্তু তেওঁ ভাটীলৈ আহিবলৈ ইচ্ছা কৰিছে। এতিয়া কিজানি আহিলেই, নাইবা