পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

আজ্ঞা দিলেই বন্দীয়ে জনাই, জগৰৰপৰা সাৰিব পাৰোঁ।” ৰজাই এইকথা শুনি কৌতুহলী হৈ আজ্ঞা দিলত, ভৱানন্দই প্ৰথমতে এই শ্লোকটি মাতিলে-

“হীন সেৱা নকৰ্ত্তব্যা, কৰ্ত্তব্য়ো মহুদাশ্ৰয়ঃ।
অজঃ সিংহ প্ৰসাদেন বনে ভ্ৰমতি নিৰ্ভয়ঃ॥”

 শ্লোকটি শুনি দিঙ্গা নগৰৰ ৰজাই কলে “বাৰু, হৈছে, এতিয়া তোৰ দৃষ্টান্তটো ক?” ভৱানন্দই কবলৈ ধৰিলে-“এজন লোকে দুৰ্গা-পূজাত বলি দিবৰ নিমিত্তে কিছুমান ছাগ আনিছিল। তাৰে ভিতৰৰ এটা ছাগ খোৰা হৈ খোজ কাঢ়িব নোৱাৰি হাবিৰ মাজতে ৰৈ গল। ছাগটো হাবিত সেইদৰে অকলশৰে থকা দেখি তাক খাবলৈ বাঘ ভালুক আদি বনৰীয়া জন্তুবোৰ আহিল। ছাগটোৱে বিপদ উপস্থিত হোৱা দেখি বনৰীয়া জন্তু- বোৰক কলে-“তহঁতে মোক খাব নোৱাৰ, মই সিংহৰ ভাগিন, তেওঁৰ আদেশ মতে আহি মই এই বনত প্ৰবেশ কৰিছো।” এই কথা শুনি জন্তুবোৰে ভয় খাই ছাগটোক কলে “তেন্তে তুমি আমাক তোমাৰ মোমায়েৰাৰ হাতৰপৰা ৰাখিব পাৰিবা নে?” ছাগে উত্তৰ দিলে তহঁতে ভয় নকৰিবি, মই ৰাখিছোঁ বুলি কলে সিংহ মোমায়ে তহঁতক একো নকৰি এৰি গুচি যাব।” এই আশ্বাস পাই পশুবোৰে তেতিয়াৰপৰা ছাগটোক বেঢ়ি সেৱা- সুশ্ৰুষা কৰি কৰ স্বৰূপে তৃণ ঘাঁহ আনি দিবলৈ ধৰিলে। কিছুমান দিন ছাগটো এইদৰে মহা সুখেৰে থকাৰ পিছত এদিন তাতে সিংহ ওলালহি। জন্তুবোৰে সিংহক দেখি মহা আতঙ্ক পাই, ছাগক কাতুৰ্ব্বাদ কৰি কলে “সিংহ আহিছে, এতিয়া আপুনি আমাক ৰাখক।” এই কথা শুনি ছাগ- টোৱে হাতীৰ পিঠিত উঠি গৈ সিংহৰ ওচৰ পাই একে জাপেই মাটিত নামি পৰি সকাতৰে সিংহক অতি কৰিলে “হে মহাৰাজ শুনক! মই ছাগ। বাঘ, ভালুক আদি জন্তু বোৰৰ ভক্ষ্য। কিন্তু মই আপোনাৰ ভাগিন বুলি এটাইকে কৈ ইয়াতে জীয়াই আছোঁ। এতেকে মহাৰাজ! আপোনাৰ যি অভিৰুচি হয় তাকে কৰক।” এইকথা শুনি সিংহই সন্তোষ পাই ছাগক কলে-বাৰু তোৰ কোনো ভয় নাই মই এই ঠাইত তোক ৰজা পাতিলোঁ।' এই বুলি সিংহই সেই নিঃসহায় খোৰা ছাগাটিক নিৰ্ভয় দি ৰাজ্য দি গুচি গল। মহাৰাজ, ময়ো তেনেকৈ আপোনাৰ নাম লৈ বেহা- ৰেপাৰ কৰি কোনোমতে পেট প্ৰবৰ্ত্তাই ফুৰোঁ। এতেকে মহাৰাজৰ যি