পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

একাদশ অধ্যায়

অসমৰাজ্য পৰিত্যাগ

 জোৱায়েক হৰিক কটাৰেপৰা শঙ্কৰদেৱৰ মনত বৰ বিষাদ লাগি তেও আহোম ৰজাৰ ৰাজ্য এৰিবলৈ বুলি মনতে স্থিৰ কৰিলে। তেওঁ কলে “বনৰীয়া জন্তু বনলৈ পলাই গল, তাক ইমান চেষ্টা কৰিও ৰাখিব পৰা নগল, অথচ সেই দোষতে মানুহক প্ৰাণদণ্ড কৰে, এনে অবিবেকী অত্যাচাৰী ৰজাৰ ৰাজ্যত থকাটো যুগুত নহয়।” সেই সময়তে চাৰিজন সন্ন্যাসী শঙ্কৰদেৱৰ ওচৰত ওলালহি। শঙ্কৰদেৱে তেওঁলোকক খুৱাই- বুৱাই বহুৱাই কথাবাৰ্তা পাতোতে শুধিলে, তেওঁলোকে অনেক দেশ দেখিছে, এতেকে কোন ৰজা ভাল? সন্ন্যাসীয়ে কলে—“আমি অনেক দেশ দেশান্তৰ ফুৰিছোঁ, আসাম আৰু বেহাৰৰ দুজন ৰজা দেখিলোঁ। আসাম ৰজাৰ কাৰ্য্য দেখি আমি বৰ দুখিত হলোহঁক। এদিন আমি আসাম ৰজাৰ সভাত বহি আছোঁ, এনেতে এটা বাৰীচোৱাই ভাল বিৰা-জৰা এটা ৰজাক ভেঁটি দিলেহি। ৰজাই জৰাটো খণ্ড খণ্ড কৰি কটাই ৰাজ মন্ত্ৰীসকলেৰে সৈতে খাই বৰ ভাল পাই শলাগিবলৈ ধৰিলে। ৰজাই কলে “এই বাৰীচোৱাটো বৰ চতুৰ, ই কেনে সুন্দৰ সোৱাদ বিৰা-জৰা আৰ্জ্জিছে! শুনা মন্ত্ৰী, তুমি এই জৰাৰ গুটীৰে সৈতে বাৰীচোৱাক লৈ গৈ মোৰ বোপাইৰ মৈদামত সুমুৱাই দিয়া, সি তাত এনে ভাল জৰা আৰ্জ্জি মোৰ বোপাইক খাবলৈ দিয়ক।” মন্ত্ৰীয়ে ৰজাৰ আজ্ঞা শিৰোধাৰ্য্য় কৰি জৰাগুটীৰে সৈতে বাৰী- চোৱাক মৈদামত সুমাই দিলে। “এনে ৰজাৰ ৰাজ্যত বাস কৰোঁতাৰ মৃত্যু সদায় হাততে।”

 “আমি আৰু এজন ৰজা দেখিলোঁ, তেওঁ বেহাৰৰ ৰজা; তেওঁৰ নাম নৰনাৰায়ণ। নৰনাৰায়ণ ৰজাই বিস্তৰ টকা ভগণ কৰি প্ৰসিদ্ধ বৈদ্য এজনক মহানাৰায়ণ তেল কৰিবলৈ দিলে। এবছৰ পৰিশ্ৰম আৰু বিস্তৰ