ইয়াৰ পিছত মাধৱে ভাবিলে যে ৰজাৰপৰা বিদায় নোপোৱাকৈ গলে
কিজানি আকৌ ৰজাই তেওঁক ধৰাই নিয়ায়, ইয়াকে ভাবি তেওঁ ৰজাৰপৰা বিদায়
পাবলৈ অপেক্ষা কৰি মেচাঘৰৰ পুখুৰীৰ পাৰত জুপুৰি এটি সাজি তাতে
থাকি ভিক্ষা কৰি খাই আছিল। এদিন মাধৱে নাম লৈ সেই জুপুৰিত
থাকোঁতে ৰজাই সেইফালে ফুৰিবলৈ গৈ, তেওঁক দেখা পাই কোন বুলি
শুধিলত, মাধৱে সকলো কথা কলত, ৰজাই সন্দিকৈক কলে “তুমি কিয়
এওঁক বিদায় দিয়া নাই? এওঁক এতিয়াই বস্ত্ৰ টকা চাউল চৰু দি বিদায়
দিয়া।” সন্দিকৈয়ে সেইদৰে তেতিয়াই মাধৱক দিয়াত, মাধৱে “টকা
বস্ত্ৰত মোৰ কোনো প্ৰয়োজন নাই বুলি কৈ চাউল চৰু মাত্ৰ লৈ
গুচি গল।
ইয়াৰ পিছত মাধৱে নাৱেৰে তিন দিনৰ মূৰত ধুৱাঁহাট পালেগৈ। মাধৱদেৱ উভতি আহিবৰ সাতদিনৰ আগৰপৰা শঙ্কৰদেৱে ভকতসকলৰ দ্বাৰাই কীৰ্ত্তনঘৰত পাল-নাম গোৱাই আছিল।* যি দিনা মাধৱ ধুৱাঁহাট পালেগৈ সেই দিনাই সপ্তম দিন; শঙ্কৰদেৱে পদুলি-মূৰলৈ আহি বাট চাই আছিল, এনেতে মাধৱদেৱে উপস্থিত হৈ তেওঁৰ চৰণত পৰি প্ৰণাম কৰিলে। শঙ্কৰদেৱে তেওঁক আকোঁৱাল মাৰি ধৰিলে। মাধৱে সকলো বৃত্তান্ত তেওঁক কলত, জোৱায়েকক কটা শুনি শঙ্কৰদেৱে বিষাদ কৰিবলৈ ধৰিলে। কিন্তু মাধৱক পাই সেই শোক অনেক গুণে কমিল। জীয়েক মনুৱে স্বামীৰ মৃত্যুৰ বাতৰি পাই শোক বিহ্বল হলত শঙ্কৰদেৱে জীয়েকক অনেক বুজাই-বৰাই সান্তনা কৰিলে। মাধৱৰ মাক, ভনীয়েক, বৈনায়েক শোকত দুখত ব্যাকুল হৈ আছিল দেখি শঙ্কৰদেৱে তেতিয়াই মাধৱক তেওঁ- লোকৰ ওচৰলৈ পঠিয়াই দিলে।
⸻
- পালনাম গোৱা প্ৰথাৰ প্ৰথম এই প্ৰচলন।