পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

লগুৱাটোৰ মখৰপৰা একে দিনাই সন্তৰ কৃপাত পৰমেশ্বৰ নাম নুগুচা হল। এতেকে মই নিশ্চয় বুজিলোঁ, যে সন্তৰ সঙ্গ শ্ৰেষ্ঠ। ইয়াকে ভাবি পিছদিনা হৰিমিশ্ৰই শঙ্কৰৰ ওচৰলৈ গৈ শৰণ প্ৰাৰ্থনা কৰিলে। তেওঁ বাৰে বাৰে প্ৰাৰ্থনা কৰিলত শঙ্কৰদেৱে শ্ৰীমদ্ভাগৱত শাস্ত্ৰখন আগত স্থাপনা কৰি হৰিমিশ্ৰক শৰণ দিলে।

 ভাস্কৰ নামে এজন পৰম পণ্ডিত ব্ৰাহ্মণ আছিল। তেওঁ সততে শঙ্কৰদেৱৰে সৈতে নানান শাস্ত্ৰৰ তৰ্ক কৰিবলৈ ধৰিলে। কোনোমতে তেওঁ শঙ্কৰক তৰ্কত বলে নোৱাৰি ভঙ্গ দি কলে, “শুনক গুৰু শ্ৰীমন্ত শঙ্কৰ, মই আকৌ ভালকৈ শাস্ত্ৰ পঢ়িবলৈ যাওঁ। যেতিয়ালৈকে মই আপো- নাৰ মত খণ্ডন কৰিব নোৱাৰে, তেতিয়ালৈকে আপুনি প্ৰচাৰ কৰা এই ভক্তিৰ পথকে আশ্ৰয় কৰি চলিম” এইবুলি নবদ্বীপত পঢ়িবলৈ বুলি ভাস্কৰে নাৱেৰে যাত্ৰা কৰিলে।

 এইদৰে ওঠৰ বছৰ শঙ্কৰদেৱে মাধৱদেৱৰে সৈতে ধুৱাঁহাটতে নাম ধৰ্ম প্ৰচাৰ কৰি আছিল। এনেতে আসাম ৰজাই তেওঁৰ হাতীৰ লেখ এহেজাৰ পূৰ্ণ কৰিবৰ মনেৰে, নকৈ আৰু হাতী ধৰিবৰ নিমিত্তে গৰ মৰাই, নানা ঠাইৰপৰা হাতী খেদোৱাই অনাই তাত সুমুৱালে। গৰৰ “দক্ষিণত ব্ৰহ্মপুত্ৰ, উত্তৰে লৌহিত্য। নিয়োজিলা পাত্ৰ ভৃত্য যথা নানামত॥ পূৰ্ব্বত দিলন্ত কতো ভৃত্যগণ আনি। পশ্চিমত দিলা শঙ্কৰক মহামানী।" ভূয়াঁৰ মাজত শিৰোমণি শঙ্কৰক সকলোৰে ওপৰত তত্ত্বাৱধাৰণ কৰিবলৈ নিযুক্ত কৰিলে। ৰজাই আদেশ প্ৰচাৰ কৰিলে যে যদি পালী ভাঙি কাৰো ফালে হাতী পলাই যায় তেন্তে সেইজনৰ মূৰ কটা যাব। তিন দিন তিন ৰাতি হাতী পালী দি থকাৰ পিছত চতুৰ্থ দিনাৰ মাজৰাতি ঘোপ মৰা এন্ধাৰত যেতিয়া পালী প্ৰহৰীয়াবোৰ জাৰত ঠেৰেঙা লাগিল, তেতিয়া গুণ্ডা হাতী এটাই পূৰ দি পশ্চিমৰ গৰৰ এঠাইত ভাঙিলে। পালীসকলে জুই যাঠি জোং ইত্যাদিৰে কত চেষ্টা কৰিও গুণ্ডাক ৰাখিব নোৱাৰিলে, সি গৰৰ পৰা ওলাই পলাই হাবিত সোমাল গৈ আৰু তাৰ পিছে পিছে কিছুমান হাতীও ওলাই গল। এই আকস্মিক বিপদ দেখি শঙ্কৰে সৈতে ভূয়াঁসকল লৰালৰিকৈ পলাল। অসম ৰজাই এই বাতৰি পাই খঙত জ্বলি উঠি ভূঞাসকলক আৰু বিশেষকৈ শঙ্কৰদেৱক ধৰি নি