দশম অধ্যায়
হৰি জোৱাঁইৰ মৃত্যু
ধুৱাঁহাটতে শঙ্কৰদেৱে এজন ভাল কায়স্থৰে সৈতে ৰুকিণী কন্যাক বিয়া দিলে। কন্যাৰ লগত ভূমি, দাস দাসী আদি নানা যৌতুক দি তেওঁ বিবাহ কাৰ্য্য সম্পাদন কৰিলে। তেওঁৰ প্ৰথম কন্যা মনুও স্বামী হৰিৰে সৈতে শঙ্কৰদেৱৰ লগতে সুখেৰে আছিল। শঙ্কৰদেৱৰ ককাক সৰ্য্যবৰৰ মাজুভায়েক জযন্তা ভূঞাৰ নাতিয়েক সতানন্দৰ পুতেক ৰামৰায় অতি বিচক্ষণ আৰু জ্ঞানী লোক আছিল। ৰামৰায় সদায় শঙ্কৰদেৱৰ অনুৰাগী; কিন্তু সূৰ্য্যবৰৰ তৃতীয় ভায়েক মাধৱৰ পুতেক হাথীয়া দলৈ আৰু হাথীয়াৰ পুতেক ৰতিকান্ত প্ৰভৃতি হিংসাকুৰীয়া স্বভাৱৰ আছিল; তেওঁলোকে শঙ্কৰদেৱৰ শ্ৰী সহিব নোৱাৰি চল পালেই বিপক্ষতাচৰণ কৰিছিল। ৰামৰায় শঙ্কৰৰ অনুৰাগী দেখি তেওঁলোকে ৰামৰায়কে হিংসা কৰিছিল। ভূঞা- সকলৰ ভিতৰত এইদৰে মতান্তৰ আৰু দন্দ হাই চলি থকাৰ বাবে, তেওঁলোকে মনে মনে ৰজাৰ ঘৰত ৰামৰায়ৰ বিপক্ষে নানা খল লগাবলৈ ধৰিলে। সেই নিমিত্তে এদিন ৰজাৰ আদেশ মতে সন্দিকৈ বৰবৰুৱাই ৰামৰায়ক ধৰি নিবলৈ দূত পঠিয়ালে। এনে হোৱা দেখি ৰামৰায়ে মহা ত্ৰাস পাই ককায়েক শঙ্কৰদেৱৰ ওচৰলৈ লৰি আহি তেওঁৰ চৰণত দীঘল দি কলেহি “ৰজাৰ দূতে মোক ধৰি নিবলৈ আহিছে; মোৰ কেনেকৈ প্ৰাণ ৰক্ষা হব তাৰ উপায় কৰক। যদি আপোনাৰ প্ৰসাদত এইবাৰ মোৰ প্ৰাণ ৰক্ষা হয়, তেন্তে মই ঘুৰি আহি আপোনাৰ ওচৰত শৰণ লমহি; আৰু আপোনাৰ চৰণত পূজাৰ দ্ৰব্যবস্তু বহুত দিমহি।” এইকথা শুনি শঙ্কৰদেৱে তেওঁক আশ্বাস দি কলে “বোপা তুমি ভয় নকৰিবা; ৰজাৰ ওচৰৰপৰা তুমি আনন্দ মনেৰে উভতি আহিবা নিশ্চয়।” ৰামৰায় ঠিক শঙ্কৰদেৱে কোৱাৰ দৰেই জয় হৈ আনন্দ মনেৰে ৰজাৰ ওচৰৰপৰা উততি আহিল, আৰু