নাম নিন্দকী, বেদ অৱহেলাকাৰী, অনাচাৰী, ছুবৰ অযোগ্য; তোমালোকে
আমাৰ মালাধাৰী ভকতক নিন্দা কৰা, মালা কাঢ়ি নি নানা লাঞ্ছনা কৰা।
যদি গীতা, সহস্ৰনাম, শ্ৰীমদ্ভাগৱত শাস্ত্ৰত মালাৰ ব্যৱস্থা নাই, তেন্তে আমি
নিজে মালা পৰিত্যাগ কৰিম। যদি শাস্ত্ৰত আছে, সেই শাস্ত্ৰৰ সাৰ মৰ্ম্ম
গ্ৰহণ কৰিব নোৱাৰি মিছাতে লোকক নিন্দাকেহে কৰিবলৈ শিকিছা,
তেনেহলে কি হব?' এই বুলি শঙ্কৰদেৱে সমুদায় মালা শৰাইত সজাই
ব্ৰাহ্মণৰ মাজত স্থাপন কৰিলে। তেওঁলোকে একো উত্তৰ দিব নোৱাৰি
নামাতি থাকিল।
শঙ্কৰদেৱে অলৌকিক শক্তি দেখুৱাই বিদ্বেষী ব্ৰাহ্মণসকলক স্তম্ভিত কৰাৰ বিষয়ে আৰু এটা আখ্যান চৰিত্ৰত আছে এদিন বুঢ়া আঁই জলপান খুৱাবৰ নিমিত্তে ব্ৰাহ্মণসকলক নিমন্ত্ৰণ কৰিছিল। শঙ্কৰদেৱে তেওঁৰ ভক্তসকলেৰে সৈতে নিমন্ত্ৰিত হৈছিল। যেতিয়া তেওঁলোকক চিৰা দুধ আদি খুৱাবলৈ ভিতৰলৈ মাতি লৈ যোৱা হল, তেতিয়া তেওঁলোকৰ আগত দুচৰু ঘন ক্ষীৰ আনি থোৱা হলত, শঙ্কৰদেৱে লাহেকৈ মাত লগাই বুঢ়া খাঁক কলে “শুনিছা নে পেহা, দুচৰু ক্ষীৰৰ এচৰু ঈশ্বৰে নললে; কাৰণ সেই চৰু অপবিত্ৰ, তাৰ ভিতৰত চুলি আছে।” এই কথা শুনি সকলোৱে আচৰিত মানিলত, ক্ষীৰচৰু ঢালি দেখা গল যে তাত চুলিৰ গুৰিৰ মাংসৰে সৈতে কেশ এডাল আছে।
এদিন বাৰিষা শঙ্কৰদেৱে ভক্তসকলেৰে সৈতে ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ গৈছিল। ভৰা ব্ৰহ্মপুত্ৰৰ পানী ফেনেফোটোকাৰে খৰতৰ সোতে বৈ গৈছিল। শঙ্কৰদেৱে দেখিলে যে ডাঙৰ চন্দন গছ এজোপা পানীত উটি আহিব লাগিছে। তেওঁ ততালিকে ককালত কাপোৰ বান্ধি নৈত জাপ মাৰি পৰি সাতুৰি গৈ গছজোপাৰ ডালত ধৰিলে। গছজোপা টানি বামলৈ আনিবলৈ বুলি তেওঁ আজোৰ ধৰিলত তাৰ ডালটো ভাগি আহিল। তেওঁ তাকে লৈ আহি পাৰ পোৱাই ভকতসকলক তাৰ একোডোখৰ দিলত তেওঁলোক বিস্ময় আৰু আনন্দত অভিভূত হল।
শঙ্কৰদেৱৰ বেলগছ এজোপা ডালপাত শুকাই মৰি গলত, তেওঁ গছ- জোপা কটাই, কেৰোলা নামে বাড়ৈ এটাৰ হতুৱাই তাৰে মদন গোপাল নামে বিষ্ণুমূৰ্তি এখন কৰালে। শঙ্কৰদেৱে গা ধোওঁতে কেৰোলাই তেওঁক