পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


সকল তেওঁৰ মহা শত্ৰু হৈ উঠিছিল। ব্ৰাহ্মণসকলৰ মতে ব্ৰাহ্মণসকলৰ হে শাস্ত্ৰ পাঠ আৰু চৰ্চাত অধিকাৰ, শূদিৰৰ সেই অধিকাৰ নাই। শঙ্কৰ শূদিৰ, সেইদেখি শঙ্কৰৰ ভাগৱত গীতা আদি শাস্ত্ৰ পাঠ আৰু আলোচনা তেওঁলোকৰ মতে অনধিকাৰ চৰ্চা। অথচ তেওঁলোকৰ নিজৰ অধিকাৰৰ ভিতৰুৱা শাস্ত্ৰবিষয়ক তৰ্কতে তেওঁলোেক শঙ্কৰে হৰুৱাই মাতিব নোৱাৰা কৰিছিল; এনেস্থলত শঙ্কৰ তেওঁলোকৰ চকুৰ কুটা আৰু দাঁতৰ শাল নহৈ কি হব? তাৰ উপৰি সৰ্বসাধাৰণ লোকৰ মাজত তেওঁলোকে বিধি বিধান ধৰ্ম্ম কৰ্ম্মৰ ব্যৱস্থা দি পেটৰ ভাত মোকোলাই খাইছিল; এতিয়া শঙ্কৰে তিৰুতা শূদিৰেও সহজে বুজিব আৰু জানিব পৰাকৈ শাস্ত্ৰৰ শুৱলা ভাঙনি কৰি দি, আৰু সেইবোৰ নাম, গুণ, গীত, পদ, ভটিমা আদিৰে গাই সকলোৰে হাতৰ মুঠিৰ ভিতৰুৱা কৰি দিলে, এনে স্থলত শঙ্কৰ তেওঁলোকৰ পৰম শত্ৰু নোহোৱাটো হে আশ্চৰ্য। লৰা শঙ্কৰে পঢ়াশালিত পঢ়োতে, অধ্যাপক মহেন্দ্ৰ কন্দলিয়ে শঙ্কৰৰ তীক্ষ্ণ বুদ্ধি আৰু প্ৰভাৱ দেখি শ্ৰদ্ধা কৰি শঙ্কৰক আনবিলাক ছাতৰৰদৰে পঢ়াশালি মছিবলৈ নিদিছিল, আৰু শঙ্কৰ বুলি নামাতি শঙ্কৰদেৱ বুলি মাতিবলৈ ছাতৰবোৰক আজ্ঞা দিছিল। বামুণ ছাতৰবোৰে সেই কথা সহিব কেনেকৈ? সিহঁতে মহেন্দ্ৰ কন্দলি অধ্যাপকৰ নামে পঢ়াশালিৰ পৰিদৰ্শক ৰাঘৱাচাৰ্য্য পণ্ডিতক গোচৰ দিলে, যে “শূদ্ৰৰ লৰা শঙ্কৰক শঙ্কৰদেৱ বুলি মাতিবলৈ অধ্যাপকদেৱে আমাক হুকুম দিছে।" সেই কালত শূদিৰৰ প্ৰতি বামুণৰ বিদ্বেষ পঢ়াশলীয়া কণ কণ লৰাৰ ভিতৰতে কেনে প্ৰবল আছিল এই কথাৰপৰা ভালকৈ বুজিৰ পাৰি।

শ্ৰীশঙ্কৰদেৱে ভাগৱতৰ সাৰ কাঢ়ি আনি হৰি-ভক্তি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলত অনেক লোক শঙ্কৰৰ প্ৰচাৰিত ধৰ্মক ধৰি চলিবলৈ ধৰিলে, তেওঁলোকে ভকতিৰ ৰস পাই পূজা অৰ্চনা আদি ব্ৰাহ্মণৰ কাৰ্যত ক্ৰমে ঢিলা দি আহিবলৈ ধৰিলে। সেই নিমিত্তে ব্ৰাহ্মণসকলৰ উপৱিকাৰ বাট ক্ৰমে মৰি অহাত ব্ৰাহ্মণসকলে মনত বিৰক্ত পাই ৰজাত জনাই শঙ্কৰব মত লোপ কৰিবলৈ কাৰবাৰ লগালে। এদিন আচাৰ্য্য, কন্দলি, মিশ্ৰ, উপাধ্যায়, ভাৰতী উপাধী ব্ৰাহ্মণসকল মিল হৈ আহোম ৰজা চুহুংমুং স্বৰ্গদেউৰ চাঙলৈ গৈ তেওঁলোকে এই বুলি গোচৰ দিলে যে শঙ্কৰ নামে