পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


ফালে ছুটিয়াবিলাকৰ ভিতৰত কালীপুজা প্ৰচলিত আছিল, সেই কালীক “কেঁচাইখাঁতী গোঁসানী” বুলিছিল। এই পুজাৰ পুৰোহিত বা পুজাৰিক দেউৰী বোলা হৈছিল। দেউৰীবোৰ বামুণ নহয়, ছুটিয়া। সদিয়াৰ তামৰ দ’লত কেঁচাইখাতী গোঁসানীৰ আগত অসংখ্য নৰবলি দিয়া হৈছিল। ঘোড়শ শতিকাৰ আগড়োখৰত যেতিয়া আহোমবিলাকে ছুটিয়া ৰাজ্য সম্পূৰ্ণৰূপে জয় কৰি ছুটিয়াবিলাকক নিজৰ তলতীয়া কৰে, তেতিয়া আৰু তাৰ অনেক কালৰ পিছতো ছুটিয়া দেউৰীয়ে সদিয়াৰ দলৰ কেঁচাইখাতী গোসাঁনীৰ আগত আৰু আন আন গোসাঁনী মুৰ্ত্তিৰ আগত নৰবলি দিয়াৰ প্ৰমাণ পোৱা যায়। বিচাৰত যিবোৰ মানুহৰ প্ৰাণদণ্ডৰ আদেশ হৈছিল, আহোমসকলে সেইবোৰ ডঁৰিত পৰা মানুহক দেবী গোসাঁনীৰ আগত বলি দিবলৈ দিছিল। উঁৰিত-পৰা মানুহ নাপালে কোনো এক বিশেষ খেলৰপৰা বলিৰ মানুহ বাছি লোৱা হৈছিল। বলি দিবলৈ আগ কৰা মানুহটোক খুৱাই-বুৱাই চিকুণ কৰি থৈ বলি দিয়া হৈছিল, আৰু বলিৰ আগৰ ডোখৰ কালত সেই মানুহটোৱে তাৰ যিহকে মন যায় নিৰ্বিবাদে তাকে কৰিবলৈ তাক এৰি দিয়া হৈছিল। আগৰ কালত আসামৰ কছাৰী, ত্ৰিপুৰা, কোচ, আৰু জয়ন্তীয়া জাতিৰ মানুহৰ ভিতৰতে নৰবলি প্ৰথা প্ৰচলিত আছিল।

 শঙ্কৰদেৱে ধৰ্ম্মপ্ৰচাৰ কৰা কাল আৰু তাৰ আগডোখৰতো আসামত তান্ত্ৰিক শাক্ত ধৰ্ম্ম যে খুব প্ৰচলিত আছিল, সেইটো ভালকৈ জানিব পাৰি। তান্ত্ৰিক শাক্ত হিন্দু ধৰ্ম্মই অসভ্য জাতিবোৰৰ জঘন্য ধৰ্ম্ম প্ৰথাৰে সৈতে মিহলি হৈ অধোগতি প্ৰাপ্ত হৈ কালক্ৰমত জঘন্য আকাৰ ধৰিছিল। ব্ৰাহ্মণসকল লোভী অনাচাৰী হৈ বেদবিহিত ব্ৰাহ্মণ্য কৰ্ম্মাদিৰপৰা ভ্ৰষ্ট হৈ পৰিছিল। সেইদেখি নৰনাৰায়ণ ৰজাই কামাখ্যা মন্দিৰ নতুনকৈ সজাই গোসাঁনী প্ৰতিষ্ঠা কৰি গোসাঁনী পূজাৰ নিমিত্তে বঙ্গদেশৰপৰা ভাল বামুণ অনাই কামাখ্যাত বহুৱাইছিল। সেইদেখি ইয়াৰ আগৰ কালত, কমতেশ্বৰ দুৰ্ল্লভনাৰায়ণে গৌৰেশ্বৰ ধৰ্ম্মনাৰায়ণৰপৰা কনৌজৰ কৃষ্ণ পণ্ডিত প্ৰমুখ্যে সাতবৰ বামুণ আৰু চণ্ডীবৰকে প্ৰমুখ্য কৰি সাত ঘৰ ভাল কায়স্থ অনাই তেওঁৰ ৰাজ্যত পাতিছিল।

 শঙ্কৰদেৱে তেওঁৰ পাণ্ডিত্য আৰু বুদ্ধিৰে অপণ্ডিত অথচ হিংসক আৰু দম্ভী ব্ৰাহ্মণসকলৰ দম্ভ অনেকবাৰ নাভাঙি নেৰিছিল। সেইদেখি ব্ৰাহ্মণ-