অষ্টম অধ্যায়
ব্ৰাহ্মণৰ বিদ্বেষ
শঙ্কৰদেৱৰ আবিৰ্ভাৱৰ সময়ত আসামত তান্ত্ৰিক শক্তিপূজা প্ৰচলিত আছিল। হাঁহ, ছাগ, পাৰ, মহ, আনকি, মানুহ পৰ্য্য়ন্ত বলি দি দেবী গোসানীৰ পুজা কৰা হৈছিল। সম্ভৱতঃ সেই কালতে, কি তাৰ কিছু আগতে ৰচিত হোৱা কালিকাপুৰাণত মানুহ বলিৰ বিষয়ে বিশেষকৈ লেখা আছে। বলি দিবলৈ উপযুক্ত মানুহৰ লক্ষণাদি কেনে হব লাগে, আৰু কেনেকৈ সেই বলি দিব লাগে ইত্যাদি বিষয়ে তাত বহলকৈ বৰ্ণনা কৰা হৈছে। মুছলমানে ভঙা কামাখ্যা মন্দিৰ নৰনাৰায়ণ ৰজাই আকৌ সজাই দি কামাখ্যাৰ প্ৰতিষ্ঠা কৰোঁতে ১৪০ টা মানুহ বলি দিয়া হৈছিল। আনকি নৰনাৰায়ণ ৰজাৰ ভতিজাক কোচহাজোৰ ৰজা ৰঘুদেৱে, কালাপাহাৰে ভঙা হাজোৰ হয়গ্ৰীৱ মাধৱৰ মণিকটু নকৈ সজাই প্ৰতিষ্ঠা কৰাওঁতেও অনেক মানুহ বলি দিছিল; যদিও মন্দিৰৰ ভিতৰত শিলত কাটি লেখি থোৱা বিৱৰণত ৰঘুদেৱ ৰজাক কৃষ্ণভক্ত বুলি উল্লেখ কৰা হৈছে। সেই কালত কামাখ্যাত এক শ্ৰেণীৰ মানুহ আছিল সিহঁতক ভোগী নাম দিয়া হৈছিল। এই মানুহবোৰ নিজৰ ইচ্ছাতে দেবীৰ আগত বলি হবৰ নিমিত্তে সাজু আছিল। যি দিনাখনৰেপৰা সিহঁতে সিহঁতক দেবীয়ে বলি লবলৈ আদেশ দিছে বুলি প্ৰকাশ কৰিছিল, সেই দিনাখনৰেপৰা সিহঁতক লোকে মান্য সৎকাৰ কৰিছিল, আৰু সিহঁতে যি মন যায় তাকে কৰাত কোনেও বাধা দিব নোৱাৰিছিল, আন কি সিহঁতে নিজৰ ইচ্ছামতে যেই কোনো তিৰুতাক সম্ভোগ কৰিবৰ অধিকাৰ পাইছিল। বছৰেকৰ মূৰত দেবীপুজাৰ সময়ত সেই মানুহবোৰ বলি দিয়া হৈছিল। ভৌতিক বিদ্যা, ঐন্দ্ৰজাল বিদ্যা,মঙ্গল চোওৱা, সুৰাপান, গৰ্ভৱতী তিৰুতাৰ গৰ্ভছিৰি ভ্ৰুণপৰীক্ষা আদি জঘন্য কাৰ্য্যও তান্ত্ৰিকসকলৰ ভিতৰত প্ৰচলিত আছিল। উজনিত সদিয়াৰ