পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


পদৰজৰ প্ৰসাদত ওভোতই আনিব পৰা হব।” তেনেকৈ কোৱাত শঙ্কৰদেৱে তেওঁক অনুমতি দিলে। মাধৱে গুৰুবাক্য শিৰোধাৰ্য্য কৰি দুখন ভাৰ তৈয়াৰ কৰাই লৈ কন্যাৰ ঘৰত উপস্থিত হলগৈ। ছোৱালীৰ পক্ষৰ লোকে মাধৱদেৱক আদৰ সম্ভাষণ নকৰা আৰু বহিবলৈকো আসন নিদিয়া দেখি, মাধৱে নিজ অভিপ্ৰায় সিদ্ধ হব ভাবি মনত আনন্দ পাই নিজেই খেৰ এমুঠি পাৰি বহি, মিতিৰৰ ঘৰৰ মানুহক শুধিলে “আজি দেখোঁ কথাৰ ভাব অন্য প্ৰকাৰ? ইমান বেলি ভাৰ নচপোৱাৰ কাৰণ কি? আমি অজি ভাৰ লৈ বিয়াৰ খবৰ কৰিবলৈ আহিছোঁ বিয়াৰ পিছত কন্যাক আৰু মোৰ মাতাক লৈ দাদাৰ ওচৰলৈ বাণ্ডুকালৈ যোৱা হব।”

 বিয়াৰ পিছত কন্যাক দূৰ দেশলৈ পঠাব লাগিব, এই কথাত ভয় খাই কন্যাৰ পিতাকে মাধৱদেৱক কলে “ইমান দিন তুমি কোনো বুজ-বাজ লবলৈ নহাকৈ আছিলা কিয়? তোমাক আৰু কন্যা দান কৰিব পৰা নহয়, কন্যা আন ঠাইত দিয়া হল।” এই কথা শুনি মাধৱে মনে মনে আহ্লাদ কৰি আকৌ কন্যাৰ পিতাকক জনালে “এইবোৰ কি কথা। কন্যা দিয়া হওক, আৰু বিবাহৰ দিনও নিৰ্ণয় কৰি দিয়ক।” মাধৱৰ কথাত কন্যাদাতাই আৰু বেছি ভয় পাই কলে “ছোৱালী দিব পৰা নহব;তোমাৰ পাবলগীয়া অলঙ্কাৰ-পাতি আৰু ভাৰ-ভেটীৰ মূল্য যি পাবা তাকে লৈ যোৱাঁ।” এইকথা শুনি মাধৱদেৱে সন্তোষ মনেৰে ভাৰৰ মূল্যৰে সৈতে গহনা ফিৰাই লৈ গুচি আহি গুৰুজনৰ ওচৰ পাই সকলো কথা জনোৱাত শঙ্কৰদেৱে তেওঁৰ বুদ্ধি প্ৰশংসা কৰিবলৈ ধৰিলে।