০৭ সৈতে হে আমাৰ শঙ্কৰদেৱৰ তুলনা হয়। আৰু কেনে সময়ত শঙ্কৰদেৱ এই বিপদৰ জীৱন অৱলম্বন কৰিছিল ভাৰি চাইছানে ? অাজি কালি পচাত্য উদাৰ সভ্যতা পােহৰত ধৰ্ম্মমৰ সম্পূর্ণ স্বাধীনতা প্রদানকাৰী ৰজাৰ শান্তি-ছায়াত বহি আমি নির্ভয়ে নির্বিবাদে শিলগুটি, গছ, সাপ, ৰাধ পুজাৰেপৰা আৰম্ভ কৰি একমেবাদ্বিতীয়াং নিৰাকাৰ পৰমব্রহ্মলৈকে নির্বিঘ্নে পূজা কৰিব পাৰে, সেই পূঢ়াৰ গুণ গৰিমা, ঘৰৰ চালৰ ধত উঠি ৰিঙিয়াই প্ৰচাৰ কৰি লােক আমাৰ মতলৈ আনিবলৈ প্রাণপনে চেষ্টা কৰিৰ পাৰে, আৰু তেতিযাই নামি আহি এপেটকৈ খাই নির্ভয়ে ফন্তি তুমি ফো ফো কৰে শুই থাকি পিছ দিনা পুৱা উঠি এবৰৰ কাকতত আমাৰ সুখ্যাতি আৰু ফাটি- যােৱা নাম দেখি সন্তোষ লভিৱ পাৰে; কিন্ত শঙ্কৰদেৱে যি সময়ত যি ৰজাৰ তলত বাস কৰি, পৰাক্ৰমী স্বেচ্ছাচাৰী ৰজা আৰু অসূয়াপৰশ পৰাক্ৰমী পণ্ডিত ব্রাক্ষণ বিৰুদ্ধবাদী হৈ তেওঁৰ ধৰ্মমত নিয়ে প্রচাৰ কৰি অচলৰ গঠিত তেওঁৰ জীৱনটো ৰান্ধি লৈ ফুৰাইছিল, সেইটো সম্পূর্ণ অনুভৱ কৰিব পাৰিলেহে তেওঁৰ স্বাৰ্থত্যাগ, নির্ভীকতা, ধৰ্ম্মপ্রাণতা আৰু ঈশ্বৰবিশ্বসত অটল নিষ্ঠা আৰু তেওঁৰ প্ৰাণৰ আৰাধ্য দেৱতাত অচল। ভক্তিৰ সম্পূর্ণ মহত্ব হৃদয়ঙ্গম কৰিব পাৰিবা, নতু নােৱাৰা। চোৱাচোন, মাধৱ- দেৱৰ কি স্বার্থত্যাগ, কি গুৰুত অচলা ভক্তি, কি বিষয় সুখত বিৰাগ ভাব । যি দিনাই তেওঁ শঙ্কৰদেৱৰ ওচৰত শৰণ ললে, কৃষ্ণত আসমপণ কৰিলে, সেই দিনাই তেওঁ পার্থিব সুখ সম্পদলৈ পিঠি দিলে, জোৰোণ পিন্ধাই থােৱা কন্যা পৰিত্যাগ কৰিলে। তেওঁৰ মৃত্যুভয় গুচিল, যৰে তেওঁৰ ওপৰত প্ৰভুৰ কৰিব নােৱাৰি তেওঁৰ কিৰ স্বীকাৰ কৰিলে। আসামৰ ৰজাই তেওঁক শঙ্কৰদেৱৰ জোৱায়েক হৰিৰে সৈতে কটাবলৈ ধৰাই নিয়ালে, তেওঁৰ মনত চিন্তাৰ লেশ মাত্র নাই, তেওঁ ঈশ্বৰৰ চৰণত আসমর্পণ কৰি নিৰ্ভয় হৃদয়ে হৰিক বুজাই হৰিৰ মন হৰিত দৃঢ় কৰি দি ৰাৰ আগত হাজির হলগৈ । হৰিক চাউদতে কাটিৰ সমযতাে মাধৱে হৰিৰ ওচৰত থিয় হৈ হৰিক সাহ দি ঈশ্বৰ একমাত্ৰ সাশ্বত, সংসাৰ অসাশ্বত, এই শিক্ষাৰ ভটীমা, নামছে সােৱৰাবলৈ ধৰিলে, বিপদৰ ভয় তেওঁৰ ওমত নাই। মাধৱদেৱে ভটীয়াই যাওঁতে নাৱত দুজন ভকতলৈ ঠাই নোেহাৱা দেখি নিজৰ সৰহ পানীত পেলাই দি ঠাই উলিয়াই ভকত দুজনৰ নাৱত তুলি ললে। আকৌ চোৱাচোন, দামােদৰ দেৱৰ ঈশ্বত কি বিশ্বাস, কেনে তেওঁৰ ইষ্টদেৱতা কৃষ্ণ অব্যভিচাৰী ভক্তি। পৰীক্ষিত ৰাই তেওঁক ৰাই বিচাৰলৈ লৈ যাবলৈ মানুহ পঠিয়াই দি তেওঁক কোৱালে, তেওঁ যদি লি কাট দেৰী পুজা কৰে, তেন্তে তেওঁক ক্ষমা কৰিব। দামােদৰদেৱৰ উছিত কি তেজ, তেওঁ অৱলম্বিত তত কি অচলা ভক্তি, কি অটল নিষ্ঠা। তেওঁ উত্তৰ দিলে- “যদি বলিৰ ছাগৰ ডিঙিটো তলত ৰৈ তাৰ ওপৰত তেওঁৰ ডিঙিটো ৰাখি ৰাই কটায়, তথাপি তেওঁ ৰলি নাকাটে, দেৰী পুজা নকৰে।” দামােদৰদেৱৰ ডাঙৰ ডাঙৰ শিষ্যসকলে তেওঁক কলে “আপুনি বলি কাটি পুৱা কৰিব নালাগে, আমিয়েই আপােনাৰ হৈ তেনে কৰি, তথাপি আপুনি আকার্যে য কৰক।” এই কথা শুনি দামােদৰদেৱে ভূমি দুই কর্ণত হাত দি কেনে উত্তৰ দি শিষ্যসক জিয়াৰ কৰিলে সেই কৰা পঢ়িলে শৰীৰ ৰােমাঞ্চিত হয়, লােতকতন তিতে।
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই