পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


এই কথা শুনি মাধৱে খেতি কৰাই অনেক ধান পালে। আৰু সেই ধান বেচি যি টকা পালে সকলো নি মাকৰ হাতত দিলে।

 তেওঁলোক ওঠৰ বছৰ ঘাগৰী-মাজীৰ ঘৰত আছিল। যেতিয়া উৰ্ব্বশী-কন্যাৰ দহ বছৰ বয়স হল,মাধৱে এদিন পিতৃক কলে যে উৰ্ব্বশীক বিয়া দিবৰ হল; ইয়াত ভাল কায়স্থ নাই; এতেকে আমি এই ঠাই এৰি ভাল কায়স্থ লৰা এজন বিচাৰি যাব লাগিল। পিতৃ মাতৃৰ সৈতে মাধৱে এই পৰামৰ্শ কৰি থিৰ কৰি, ঘাগৰীমাজীক কলত,মাজীয়ে বন্ধু বিচে্ছদ হোৱাৰ আগন্তুক দেখি বেজাৰ পাই কান্দিবলৈ ধৰিলে। শেহত মাজীয়ে নিৰুপাই হৈ বেজাৰ মনেৰে তেওলোকক নাও মানুহ ঠিক কৰি দিলত, নাৱত তেওঁলোকে সৰ্ব্বহ ভৰা দি সপৰিবাৰে মাজীক সান্ত্বনা কৰি বিদায় লৈ ঘাগৰ এৰি বুঢ়ী-লৌহিত্য পালেগৈ। ধুৱাঁবোল সুতিয়েদি কলাকটালৈ গৈ ভাণ্ডাৰী-ডুবী পাই তাতে তেওলোক নাও বান্ধি ৰল। দুপৰীয়া তেওঁলোকে ভোজন কৰিবৰ নিমিত্তে নৈৰ পাৰত খোলা চিকুণাই ভাত ৰান্ধিবৰ আয়োজন কৰিছে, এনেতে ৰামদাস ভূয়াঁ (গযপাণি) সেইঘাটলৈ গাধুবলৈ আহিছিল। তেওঁলোক কোন বুলি ৰামদাসে শুধিলত মাধৱদেৱে কলে যে “ আমি উত্তৰৰপৰা আহিছোঁ কায়স্থ মানুহ। মোৰ ভনীক বিয়া দিবৰ হৈছে সেইদেখি বিশিষ্ট কায়স্থ দৰা এজন বিচাৰি আহিছোঁহঁক।”ৰামদাসে কলে যে “সৰস্বতী ভূয়াৰ ঘৰত মোৰ জন্ম, ময়েই বিশিষ্ট কায়স্থ। ইচ্ছা হলে মোলৈকে আপোনাসকলৰ কন্যা বিয়া দিব পাৰে।” ৰামদাস দেখিবলৈ সুশ্ৰী আৰু সদ্বং শজাত, এতেকে কন্যা দিবলৈ তেওঁলোকে মনতে থিৰ কৰিলে। ৰামদাসে তেওঁলোকৰ সৰ্ব্বহ নিজৰ ঘৰলৈ তোলাই নি, তেওঁলোকক এটা নতুন ঘৰত থাকিবলৈ দিলে; আৰু তেওঁলোক তাতে সুখেৰে থাকিবলৈ ধৰিলে। ইয়াৰ পিছত উৰ্ব্বশীক ৰামদাসলৈ বিয়া দিয়া হল।

 উৰ্ব্বশীক বিয়া দিয়াৰ কিছুদিনৰ পিছত মহোদৰে ভাৰ্য্যা মনোৰমাক জীয়েক জোৱাঁয়েকৰ লগতে থৈ, মাধৱক লগত লৈ, নাৱেৰে নিজৰ দেশ বাণ্ডুকালৈ গল।বাণ্ডুকাত তেওঁৰ আগৰ ভাৰ্য্যাৰ সন্তান দামোদৰ আছিল। দামোদৰে পিতৃক অনেক কালৰ পিছত দেখি পিতৃৰ চৰণত পৰি কান্দিবলৈ ধৰিলে;আৰু কলে “পিতা, ইমান দীৰ্ঘকাল তোমাৰ কোনো বাৰ্ত্তা নাপাই মৰণান্তিক