কেইদিনতে সখিত্বত পৰিণত হল। তেওঁলোক গৈ লুইতৰ মুখ পালেগৈ,আৰু উজিৰে গোবিন্দ গিৰীক ভাৰ্য্যাৰে সৈতে নিজৰ ঘৰলৈ লৈ গল। হৰশিঙ্গা বৰা উজিৰে তেওঁলোকক দাস দাসী অন্ন বস্ত্ৰ আদি দি মহা সুখেৰে ঘৰতে ৰাখিলে, আৰু নিজৰ ভাৰ্য্যা পুত্ৰসকলক তেওঁলোক দুইকো সাদৰেৰে পৰিচৰ্য্যা কৰিবলৈ কৈ দিলে।
মহোদৰ আতাই (বৰকণা গিৰীয়ে) এইদৰে কিছুদিন হৰশিঙা বৰাৰ ঘৰতে থাকি, তাৰ পিছত বৰাৰ ঘৰৰ ওচৰতে এডোখৰ ঠাইত সুকীয়াকৈ ঘৰ সজাই লৈ থাকিল। ইয়াতে ১৪১১ শকৰ জেঠ মাহ, কৃষ্ণপক্ষ প্ৰতিপদ তিথি, ৰবিবাৰ, ৰাতি দুপৰত মাধৱদেৱৰ জন্ম হয়।*ছয় দিনৰ দিনা দৈৱজ্ঞ ব্ৰহ্মাণসকলক মতাই আনি বৰকণাগিৰীয়ে পুত্ৰৰ বিষয়ে গণনা কৰোৱাত তেওঁলোকে গণি পঢ়ি কলে যে, এই সন্তান ঈশ্ববাংশসম্ভূত সুল-ক্ষণীয়া। পুত্ৰৰ মাধৱ আৰু ৰত্নাকৰ এই দুই নামকৰণ হল।
উজিৰৰ ঘৰৰ কাষৰ ঘৰতে মাধৱদেৱ বাপেক, মাক আৰু হৰশিঙা বৰাৰ যত্নত দিনে দিনে বাঢ়িবলৈ ধৰিলে। তেওঁ এমাহতে এবছৰীয়া লৰাটো যেন হল। “এমাহতে ভৈলা এক বৎসৰীয়া যেন।” পাঁচ, সাত বছৰত তেওঁ লৰাবোৰৰে সৈতে উমলি লৰি-ঢাপলি ফুৰিছিল। চৰিত্ৰ পুথিত আছে, এদিন মাধৱে বাৰ বছৰ বয়সত হৰশিঙা বৰাবে সৈতে নৈত গা ধুবলৈ গৈ বৰাৰ হাক নুশুনি পানীত বুৰ মাৰিলে। ভালেখিনি পৰ পানীৰপৰা তেওঁ নোলোৱা দেখি, বৰাই ভয় খাই বুৰ মাৰি তাত তেওঁক দেখিলে; কিন্তু মাধৱ কোন খিনিত আছে ঠিক কৰিব নোৱাৰি আকৌ পানীৰপৰা ওলাই দেখিলে যে মাধৱ পাৰত বহি আছে।
ইয়াৰ পিছত উজিৰে মাধৱক লেখা-পঢ়া শিকোৱাৰ দিহা কৰি দিলে। এদিন উজিৰে মাধৱক কলে যে তুমি ডাঙৰ হৈছা এতিয়া বহি থাকিলে নহয়, মোৰ খেতিৰ লগতে তোমালোকৰ নিমিত্তে তুমিও মাটি এডৰাত খেতি কৰাঁ। এই কথা শুনি মাধৱে উজিৰৰ খেতিৰ লগতে এডৰা মাটিত মাহ আৰু ধানৰ খেতি কৰিলে। সেই খেতিত মাহ আৰু ধান ইমান হল যে সেইবোৰ বেচি মাধৱে বহুত ধন পাই সেই ধন তেওঁৰ পিতৃক দিলে।
*“চৌদ্ধশ আষাৰ অব্দে জৈষ্ঠ মাস নিশি। কৃষ্ণপক্ষ ৰবিবাৰ প্ৰতিপদ শশী॥ সি সময়ে মাধদেৱ প্ৰকাশ ভৈলন্ত। সকলো পসন্ন ভৈল সিদ্ধ মুনি সন্ত॥”