পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ অধ্যায়

মাধৱদেৱ

 মাধৱদেৱৰ পিতৃৰ নাম মহোদৰ। মহোদৰৰ আৰু তিনটা নাম আছিল, দীঘলপুৰীয়া, গোবিন্দ আৰু বৰকণা গিৰী। মহোদৰ ভুয়াঁ কায়স্থ। তেওঁৰ ঘৰ বাণ্ডুকা নামে ঠাইত আছিল। বাণ্ডুকা ধৱলা নৈৰ (যাক আজি কালি ধৰ্না বোলে) তীৰত আছিল। গোবিন্দৰ উপৰিসকলৰ নাম-“কৃষ্ণ, বিষ্ণু ভূয়াঁ, গোপাল কৃপাল, জনাৰ্দ্দন ভুয়াঁ ভৈল। জনাৰ্দ্দন সুত, মহাজ্ঞানৱন্ত গোবিন্দ নাম ধৰিল॥” (১) গোবিন্দই বাণ্ডুকাত ৰজাৰ মজিন্দাৰী কাম কৰি আছিল। তেওঁৰ পত্নীৰ নাম অনুচিতা আছিল। পত্নীৰ মৃত্যুৰ পিছত গোবিন্দৰ মনত বৈৰাগ্য হোৱাত, পুতেক দামোদৰৰ হাতত ৰজাঘৰীয়া তেওঁৰ বিষয় সমৰ্পণ কৰি, আসাম দেশলৈ আহি বৰদোৱা পালেহি। শঙ্কৰদেৱে তেওঁক দেখি আনন্দ পাই বৰদোৱা টেম্পৰাণি-বন্ধত ঘৰবাৰী কৰাই বাস কৰিবলৈ দি, খুৰাকৰ জীয়েক মনোৰমা বা মনুক তেওঁলৈ বিয়া দিলে।

 কছাৰীৰ উপদ্ৰৱত যেতিয়া শঙ্কৰদেৱে ভুয়াঁ সকলেৰে সৈতে বৰদোৱা এৰি বহ্মপুত্ৰৰ উত্তৰ পাৰলৈ যাবলৈ থিৰ কৰিলে, তেতিয়া শঙ্কৰদেৱে গোবিন্দ গিৰীক মাতি আনি কলে “চলিয়ো এখন, কৰি যতন, উত্তৰ পাৰক যথা।" এই বুলি কৈ তেওঁ আঠোটা দুলিয়াৰে দোলা এখন ঠিক কৰাই ভাৰ্যা স্বামী দুইজনকে পঠিয়াই দিলে। বৰকণাগিৰীয়ে সৰ্ব্বস্ব লগতলৈ ভাৰ্য্যাৰ সৈতে দোলাত গৈ থাকোতে গধূলি হোৱা বাবে বাটতে এঠাইত দোলা ৰখাই দোলাতে শুই থাকিল। কিন্তু স্বামী স্ত্ৰী দুয়ো ইমান শ্ৰান্ত হৈ পৰিছিল যে দুইৰো দুৰ্ঘোৰ টোপনি আহি অচেতন হৈ পৰিল। দুলীয়া


(১)। শ্ৰীযুত অমৃতভূষণ অধিকাৰীৰ দ্বাৰাই সম্পাদিত আৰু প্ৰকাশিত “শ্ৰীমন্নাৰ ঘোষাত” এওঁলোকৰ নাম পৃথক;-“ব্ৰক্ষ্ম গিৰী, তস্য পুত্ৰ ধৰ্ম্ম গিৰী, তৎপুত্ৰ অনন্ত গিৰী,তৎপুত্ৰ ভৱ গিৰী, তস্যপুত্ৰ বহু গিৰী, তস্যপুত্ৰ দীঘলীপুৰীয়া গিৰী, তস্যপুত্ৰ ৰামকানাই গিৰী, তৎপুত্ৰ মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ।”