পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


মনস্কামনা সিদ্ধি হব।” ইয়াকে ভাবি গয়পাণি এদিন শঙ্কৰদেৱৰ ওচৰত ওলালগৈ। তেওঁক দেখি শঙ্কৰদেৱে শুধিলে,“তুমি কোন? কি কাৰ্য্যৰ অৰ্থে মোৰ ওচৰলৈ আহিলা?” গয়পাণিয়ে শঙ্কৰদেৱক প্ৰণাম কৰি,তেওঁৰ অহাৰ কাৰণ প্ৰকাশ কৰিলত, তেওঁ কি কি শাস্ত্ৰ পঢ়িছে শঙ্কৰদেৱে তেওঁক শুধিলে। গয়পাণিয়ে শাস্ত্ৰৰপৰা তিনটি শ্লোক মাতি, শঙ্কৰদেৱক তাৰ অৰ্থ কৰিবলৈ কলত, শঙ্কৰদেৱ গয়পাণিক কলে “তুমি শুদ্ধকৈ শ্লোক কেইটা মাতিবকে নোৱাৰিলা, এতেকে মই তাৰ কেনেকৈ কি অৰ্থ কৰিম? বাৰু যি কৰিলা আকৌ এবাৰ শুদ্ধকৈ শ্লোক কেইটা মাতাচোন?” এই কথা শুনি গুয়পাণি হতবুদ্ধি হৈ শ্লোক কেইটা একেবাৰেই পাহৰি গল,আৰু যিমানকে চেষ্টা কৰিলে, শ্লোক কেইটা তেওঁ মাতিবলৈ বিচাৰি নাপালে। শঙ্কৰদেৱে গয়াপাণিৰ বিলাই দেখি, নিজেই শ্লোক এটি মাতি দি, গয়পাণিক তাৰ অৰ্থ কৰিবলৈ কলে। কিন্তু গয়পাণিৰ শ্ৰুতি-বুদ্ধি সোপাই লোপ পাইছিল, তেওঁ তাৰ আৰু কি অৰ্থ কৰিব, শঙ্কৰদেৱৰ চৰণত দীঘল দি পৰিল। তেতিয়া শঙ্কৰদেৱে মাতিলে—

তত্ৰৈব গঙ্গা যমুনা চ তত্ৰ।
গোদাবৰী সিন্ধু সৰস্বতীঞ্চ।
সৰ্ব্বানি তীৰ্থানি বসন্তি তত্ৰ।
যত্ৰাচ্যুতোদাৰ কথা প্ৰসঙ্গঃ॥

এই শ্লোকটো মাতি শঙ্কৰদেৱে তাৰ অৰ্থ কৰিলে-

“কৃষ্ণৰ উদাৰ, কথাৰ প্ৰসঙ্গ
 যথাত হোৱে প্ৰকাশ।
গঙ্গা গোদাবৰী,  অদি তীৰ্থচয়,
 তথাতে কৰে নিবাস॥”

 এই শ্লোকটিৰ সৰল অৰ্থ শঙ্কৰদেৱে এইদৰে কৰি দিলতে, গয়পাণিয়ে লাহেকৈ উঠি শঙ্কৰদেৱক দণ্ডৱৎ হৈ প্ৰণাম কৰি তেওঁৰ ওচৰত শৰণ মাগিলে। শঙ্কৰদেৱে গয়পাণিক শৰণ দি, তেওঁৰ নাম গয়পাণি গুচাই ৰামদাস দিলে। ৰামদাসে ভাণ্ডাৰীডুবি নামে ঠাইত বাস কৰি দিনৌ তাৰপৰা আহি শঙ্কৰ- দেৱৰ ওচৰত কৃষ্ণ কথা শুনি থাকিবলৈ ধৰিলে। (১)


(১) ৰামদাসৰ উপৰি পুৰুষসকল,-সৰস্বতী ভুঞা, তেওঁৰ পুত্ৰ গয়পাল ভুঞা, তেওঁৰ পুত্ৰ ভপাল ভূঞা, তেওঁৰ পুত্ৰ কৃপাল, তেওঁৰ পুত্ৰ যশপাল, তেওঁৰ পুত্ৰ ৰামদাস ভুঞা।