পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


তাৰ পিছত “অজামিল উপাখ্যান" ৰচনা কৰি নামৰ মহিমা ব্যক্ত কৰিলে। তাৰ পিছত “প্ৰহলাদ চৰিত্ৰ চোৱা কৰিলে।

 শঙ্কৰদেৱ গাংমৌত সাত বছৰ ছমাহ এইদৰে ধৰ্ম্ম প্ৰকাশ কৰি আছিল শঙ্কৰৰ পিতামহ জয়ন্তা আৰু মাধৱ এই দুইজনৰ গাংমৌত মৃত্যু হয়।

 ইয়াৰ পিছত কেতাই খাঁকে আদি কৰি ভুযাঁ, বিপ্ৰ, ভক্তসকলে শঙ্কৰ-দেৱক জনালে যে কছাৰীৰ উপদ্ৰৱত আমি বৰদোৱা এৰি ইয়ালৈ আহিলোঁ; কিন্তু যদিও ই অতি সুন্দৰ স্থান, তথাপি ইয়াত ভোটৰ ভয়; সেইদেখি আমি এই ঠাই এৰি আন এডোখৰ মাজ ঠাইলৈ যোৱাটো ভাল। শঙ্কৰদেৱে তেওঁলোকৰ কথা শুনি ধুৱাঁহাটলৈ যোৱাটো ভাল বুলি কলত, তালৈকে সকলোৱে যাবৰ থিৰ কৰিলে। পিছত শঙ্কৰদেৱে ভক্তসকলেৰে সৈতে নাৱেৰে কলাকটাই দি উজাই গৈ ধুৱাঁহাট পাই তাতে নৈৰ পানীৰ সুচল দেখি থাকিবৰ মন কৰি, হাবি কটাই হাটীঘৰ নামঘৰ মণিকুট আদি সজাই সত্ৰ পাতিলে। ভুয়াঁ বঙহ পৰিয়াল দিয়েও তাতে নিবাস কৰিলে। এই ধুৱাঁহাটেই পিছত বেলগুৰি থান বুলি প্ৰসিদ্ধ হল।

 এই ধুৱাঁহাট বা বেলগুৰি থানত শঙ্কৰদেৱ থাকোতে নানা ঠাইৰপৰা লোকসকল আহি শঙ্কৰদেৱক গুৰু মানি ধৰ্ম্ম ধৰিছিল।

 সৰস্বতী ভয়াঁৰ বংশৰ গয়পাণি নামে কায়স্থ ডেকা এজনে নবদ্বীপত সংস্কৃত শাস্ত্ৰ পঢ়ি আহি ঘৰতে কিছুমান দিন আছিল। কিছুমান দিনৰ মৰত তেওঁ লগৰীয়া তীৰ্থযাত্ৰী পাই শ্ৰীক্ষেত্ৰলৈ গল, আৰু জগন্নাথ মহা-প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলে যেন তেওঁ সাৰ সঙ্গ লাভ কৰে। চৰিত্ৰ পুথিত আছে যে স্বপ্নত তেওঁক জগন্নাথ মহাপ্ৰভুৱে আদেশ কৰিলে যে “তুমি ঘৰলৈ উভতি যোৱা; তাতে তুমি বিশিষ্ট সাধুৰ সঙ্গ লাভ কৰিবা; তোমাৰ আৰু আন কোনো তীৰ্থলৈ যাবৰ সকাম নাই।” এই স্বপ্নাদেশ লাভ কৰি গয়পাণি ঘৰলৈ উভতি আহিল; আৰু সদায় তেওঁৰ মনত ভাব উদয় হবলৈ ধৰিলে “মই কত সন্ত সাধু পাম, আৰু মই ইমানবিলাক শাস্ত্ৰ পঢ়ি শুনি বিদ্বান হলোঁ, কত এনেকুৱা পণ্ডিত পাম, যাৰ লগত বাদ কৰি যশস্যা লভিব পাৰিম। শুনিছোঁ, শঙ্কৰ নামে এজন বিদ্বান আৰু প্ৰগাঢ় পণ্ডিত আছে, তেওঁৰে সৈতে বাদ কৰি মোৰ আশা পূৰ্ণ কৰোঁ। তেওঁক যদি বাদত জিনিব পাৰোঁ, তেন্তে মোৰ বিদ্যাৰ যশস্যা বিস্তৃত হৈ পৰি