পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


সকলো কথা কলে। শঙ্কৰদেৱে শুনি পৰম সন্তোষ লভি ব্ৰাহ্মণক সিধা-পাতি আৰু থাকিবলৈ বহা দি ৰাখিলে। পিছ দিনা পুৱাই ব্ৰাহ্মণে বাহ্মণে উঠি স্নান সন্ধ্যা আদি নিত্যকৰ্ম্ম কৰি শঙ্কৰৰ ওচৰলৈ গৈ তেওঁৰ আগত ভাগৱত পাঠ কৰিবলৈ ধৰিলে। সাত দিনে ভাগৱত পাঠ আৰু ব্যাখ্যা শেষ কৰি ব্ৰাহ্মণে বাহ্মণে আৰু সাত দিনত গীত আৰু পঞ্চৰাত্ৰ এই দুখন শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা কৰি শঙ্কৰদেৱক শুনালে। ইয়াৰ পিছত শঙ্কৰদেৱে সম্পূৰ্ণ ভাগৱত শাস্ত্ৰ খনৰ নকল এখন নিজ হাতে লিখি ললে। এই কাৰ্য্যৰ অন্তত শঙ্কৰদেৱে জগদীশ মিশ্ৰক সুধিলে যে তেওঁ নিজৰ দেশলৈ উলটি যাবৰ মন কৰিছে নে কি? জগদীশে উত্তৰ দিলে, “মোৰ আৰু আপোনাক এৰি যাবৰ মন নাই; মোৰ পক্ষে আপুনিয়েই জগন্নাথ। কিন্তু শাস্ত্ৰ পাঠৰ অন্তত মোৰ এবাৰ জগন্নাথক দক্ষিণা দি পূজা কৰিবৰ মন হৈছিল। এতিয়া আৰু সেইটো নহলেও হব, কাৰণ আপোনাৰ দৰ্শনত মোৰ সকলো সিদ্ধি হল।" চৰিত্ৰত আছে, এই কথা শুনি ব্ৰাহ্মণ মৌন হৈ ৰলত, শঙ্কৰদেৱে এতোলা সোণ অনাই, জগদীশৰ হতুৱাই তাতে মাটিতে এটা এবেগেত প্ৰমাণ গাট খনাই, গাটটোত সাতোটা “বটপত্ৰ” পৰালে; বৰপাত সাতোটাৰ ওপৰত সোণ-তোলা থোৱাই, আৰু সাতটো বৰপাতেৰে তাক ঢকাই তাৰ ওপৰত মাটি দিয়াই পোতালে।" শঙ্কৰে তাৰ পিছত ব্ৰাহ্মণক কলে যে “তুমি তমি এতিয়া জগন্নাথ মহাপ্ৰভূক এই সোণতোলা অৰ্পণ কৰিলোঁ বুলি মনতে ভাবাঁ, নিশ্চয় তাক জগন্নাথে পাব।” এই কথা শুনি ব্ৰাহ্মণে দণ্ডৱৎ কৰি পৰি “হে জগন্নাথ মহাপ্ৰভু, লওক” বুলিলে। শঙ্কৰে তেতিয়া ব্ৰাহ্মণক গাটটো খানি চাবলৈ কলত, ব্ৰাহ্মণে বাহ্মণে খানি চাই দেখিলে, যে সঁচা-সচিকৈয়ে তাত সোণতোলা নাই। এই কাৰ্য্য় দেখি ব্ৰাহ্মণে আনন্দত নাচিবলৈ ধৰিলে, আৰু ভূয়াঁ বিপ্ৰ আদি ভকতসকলে দেখি আচৰিত মানিলে।

 কিছুদিন শঙ্কৰদেৱৰ ওচৰত নাম প্ৰসঙ্গ শ্ৰৱন কীৰ্ত্তন কৰি থাকি জগদীশ ব্ৰাহ্মণে প্ৰাণ ত্যাগ কৰে। শঙ্কৰদেৱে ৰামৰাম গুৰুকে মুখ্য কৰি ব্ৰাহ্মণসকলৰ দ্বাৰাই জগদীশৰ অন্ত্যেষ্টি ক্ৰিয়া কৰাই, ৰামাৰাম গুৰুৰ হতুৱাই পিণ্ড-জলাঞ্জলি দিয়াই শ্ৰাদ্ধাদি সমাপন কৰালে।

 সম্পৰ্ণ ভাগৱত গ্ৰন্থখানি শঙ্কৰদেৱে এই দৰে পাই, সকলোৰে সুবিধাৰ নিমিত্তে তাৰ পদ কৰিবলৈ স্থিৰ কৰিলে। প্ৰথমতে তেওঁ তাৰপৰা কীৰ্ত্তনৰ “পাষণ্ড মৰ্দ্দন” খণ্ড ৰচনা কৰি, “সকলো ভক্তৰ স্থিৰ কৰিলন্ত হিয়া।”