পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

কমলদলজল, চিত্ত চঞ্চল, থিৰ নোহে তিল এক।
নাহি ভৱ ভয়, ভোগ পৰিহৰি, পৰম্পদ পৰতেক॥
কঁতু শঙ্কৰ, এ দুখ-সাগৰ পাৰ কৰা হৃষিকেশ।
তুহু গতি মতি, দেহু শ্ৰীপতি, তত্ত্ব পথ উপদেশ॥”

এই গীতটি ৰচনা কৰি গাই শঙ্কৰদেৱৰ মন প্ৰেমত নিমগ্ন হ’ল। “এহি গীত ৰচি প্ৰেমে নিমজিল মন। দেখি সভাসদ ভক্ত বিস্ময় তখন॥ আনন্দৰ কাৰ্য্যত বিষাদ কেন ভৈল। শুধিবাক প্ৰতি সেৱকে আলোচিল॥” সভাসদসকলে ইয়াৰ কাৰণ শুধিলত শঙ্কৰদেৱে কলে “অনিত্য শৰীৰ আহে নাই এইক্ষণ॥ কমল পত্ৰৰ জল চঞ্চল যেমন। খানিকে পৰয় স্থিৰ নবহে কখন॥”

 ইয়াৰ পিছত শঙ্কৰদেৱৰ দ্বিতীয় পুত্ৰ হৰিচৰণ আৰু তৃতীয় পুত্ৰ কমল-লোচনৰো তাতে জন্ম হয়।

 ত্ৰিহুটৰ জগদীশ মিশ্ৰ নামে ব্ৰাহ্মণ এজনে বাৰাণসীত পঢ়ি শাস্ত্ৰত পাৰ্গত হৈ, পুৰীত ৺ জগন্নাথ দেৱৰ আগত ভাগৱত শাস্ত্ৰ শুনাবলৈ গৈছিল। প্ৰবাদ আছে, ব্ৰাহ্মণে তাতে জগন্নাথ দেৱৰপৰা স্বপ্নাদেশ পালে যে তেওঁ গাংমৌলৈ গৈ শঙ্কৰক ভাগৱত শুনাওক, শুনালেই জগন্নাথক শুনোৱাৰ নিচিনা হব। আৰু তেওঁ যেন লগত পঞ্চৰাত্ৰ আৰু গীতা লৈ যায়;সেই দুই পুথিও শৰণ ভজনৰ নিমিত্তে শঙ্কৰৰ দৰকাৰ হব। ব্ৰাহ্মণে কত গাংমৌ, কত আৰু কোন শঙ্কৰ, এই কথাৰ সম্ভেদ পাণ্ডাক শুধিলত, পাণ্ডাই তেওঁক শঙ্কৰৰ বাতৰি এইদৰে দিলে,-“আজি ৰাতি জগন্নাথ প্ৰভুৱে স্বপ্নত মোকো তোমাক কবলৈ আদেশ দিলে, যে কামৰূপৰ সৌমাৰ প্ৰদেশ,যাক আসাম ৰজাৰ দেশ বুলি কয়, যত বিশ্বনাথ শিৱলিঙ্গ আছে, যাৰ আশ্ৰয়ত বুঢ়ী-গঙ্গা নৈ ব’ব লাগিছে, সেই মহাতীৰ্থত গাংমৌ নামে স্থান আছে; তাতে শ্ৰীমন্ত শঙ্কৰ সম্প্ৰতি আছে। তালৈকে তুমি গৈ তেওঁক ভাগৱত শুনাবগৈ লাগে।” জগদীশে এই আদেশ পাই, শুধি শুধি লাহে লাহে দুমাহে আহি শঙ্কৰদেৱৰ ওচৰ পালেহি। শঙ্কৰদেৱে গাংমৌত ভক্তসকলৰ সৈতে সভা পাতি বহি আছে, এনেতে জগদীশ ব্ৰাহ্মণ তাত উপস্থিত হৈ “স্কন্ধ হন্তে থৈয়া জুলি শাস্ত্ৰৰ টুপলি। প্ৰণামিলা জয় জয় শ্ৰীশঙ্কৰ বুলি॥ কশাসন পাৰি বসিলন্ত দ্বিজবৰ।” শঙ্কৰদেৱে তেওঁক সমাদৰ কৰি, তেওঁ কোন আৰু কৰপৰা আহিছে বুলি শুধিলত ব্ৰাহ্মণে বাহ্মণে আগৰপৰা গুৰিলৈকে