পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


ধৰিলে, যে গাঁৱৰ মানুহ ভয়ত ত্ৰস্ত হৈ পৰিল। গঞা মানুহবোৰৰ ভিতৰত ইমান ত্ৰাস উপজিছিল যে সামান্য কাৰণতে তেওঁলোক আতঙ্কগ্ৰস্ত হৈ পৰিছিল। উদাহৰণ স্বৰূপে দুটি ঘটনা তলত দিয়া গল।-এদিন তিৰুতামানুহ এজনীয়ে পানী আনিবলৈ যাওঁতে বাটতে তাইৰ মাটিৰ কলহটো ভাগিলত তাই “ভাগিল! ভাগিল!” বুলি বেজাৰকৈ দুবাৰ চাৰিবাৰ চিয়ঁৰিলতে গাৱঁৰ মানুহে, কছাৰী আহিছে বুলি ভয়ত তালি-টোপোলা বান্ধি লৈ হাবিত সোমাইছিল গৈ। আৰু এদিন এজনী তিৰুতাই দাৰৰ আগত কটাৰী এখন খুচি লগাই লৈ, কলাগছৰ তললৈ গৈ কলাপাত কাটোতেই, কটাৰীখন খহি তাইৰ নাকট পৰি নাকটো কাটিলে। “কাটিলে’ ‘কাটিলে” বুলি তাই চিয়ঁৰি কান্দিবলৈ ধৰিলত, সেই কথা শুনি, গাৱঁৰ মানুহে কছাৰী আহিছে বুলি ভয় খাই পলাই হাবিত সোমাইছিলগৈ। কছাৰীবিলাকে গাওঁ লুটি-পুটি উপদ্ৰৱ কৰি থকাত, গঞা মানুহৰ মনত এইদৰে আতঙ্ক উপস্থিত হোৱা দেখি ভুয়াঁসকলে পৰামৰ্শ কৰি কছাৰী বধিবলৈ থিৰ কৰিলে। তেওঁলোকে এদিন ডাঙৰ ভোজ এটা পাতি ভাত মঙহ আদি ৰান্ধি, বন্ধুভাৱ দেখুৱাই ছল কৰি কছাৰীবিলাকক খাবলৈ মাতিলে। কছাৰীবিলাকে ভুয়াঁসকলৰ বন্ধুভাৱত সন্দেহ নকৰি ৰং মনেৰে-ভোজ-ভাত খাই থাকোঁতেই, ভুয়াঁসকলে কছাৰীবিলাকক কাটি পেলালে। কিছুমান কছাৰীহে পলাই সাৰিব পাৰিছিল। শঙ্কৰদেৱে ভুয়াসকলৰ এই কাৰ্য্য়তো অতি গহিত হৈছে বুলি কৈ তেওঁ বৰ বিৰক্তি প্ৰকাশ কৰিছিল।

 ইয়াৰ পিছত শঙ্কৰদেৱে বুজিলে যে বৰদোৱাত থকা আৰু যুক্তিসঙ্গত নহয়; কাৰণ, কছাৰীয়ে এই কাৰ্য্য়ৰ প্ৰতিশোধ লবলৈ চেষ্টা নকৰি নাথাকে। সেইদেখি তেওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ উঠি যাবলৈ সকলোকে পৰামৰ্শ দিলে।

 কছাৰীৰ ইমান দৌৰাত্ম্য দেখি, দেশত ইমান হুলস্থুল, তথাপি শঙ্কৰে বৰদোৱাত তেওঁৰ নামৰ হাট ইমান ডাঙৰকৈ পাতি ধৰ্ম্মপ্ৰচাৰ কৰিছিল, যে চাৰিও ফালৰ লোক ভাগি পৰিছিলহি। বটদ্ৰৱাস্থানে পাছে। শঙ্কৰ ৰহিয়া আছে॥ শুদ্ধ ধৰ্ম্ম কৰি সাৰ। প্ৰচাৰন্ত বাৰম্বাৰ॥ যত দ্বিজ ভুয়াঁলোক। এৰি সবে দুঃখ শোক॥ শঙ্কৰৰ ঠাইক আসি। শুনে কৃষ্ণ কথা বসি॥ ভক্তগণ সমে গান্ত। বেঢ়ি বসি সাধু সন্ত॥ আনন্দৰনাহি পাৰ। শঙ্কৰে