পঞ্চম অধ্যায়
বৰদোৱা পৰিত্যাগ
শঙ্কৰদেৱে নানা তীৰ্থ ভ্ৰমণ কৰি বাৰ বছৰৰ মূৰত ঘৰলৈ উভতি আহে। ইমান দিনৰ মুৰত শঙ্কৰ ঘৰলৈ উভতি অহাত তেওঁৰ বুঢ়ীমাক খেৰসূতীয়ে তেওঁক চাবলৈ লৰালৰিকৈ উধাতু খাই যাওঁতে খাটৰ খুৰাত খুন্দা খাই ঘাৱ ভৈল ভৰি। কান্দিবে লাগিলা শঙ্কৰৰ গলে ধৰি॥ এতদিন বাপু তুমি কিসক নাসিলা। সবাকে সম্বোধি দেৱ শঙ্কৰ বহিলা॥” শঙ্কৰক “দেখিয়া হাততে স্বৰ্গ পাইলা বুঢ়ী আই। পৰম আনন্দ ভৈল জিয়ৰী জামাই। নানা ভক্তগণ ভুয়াঁ যতেক ব্ৰাহ্মণ। শঙ্কৰক পাইয়া আনন্দিত ভৈল মন॥”
ইমান বছৰৰ মুৰত শঙ্কৰক পাই জ্ঞাতি কুটুম্ব সকলোৱে আনন্দিত হৈ তেওঁক তেওঁৰ আগৰ আপোন কাৰ্য্য ভূয়াঁৰ বিষয় গ্ৰহণ কৰি ৰাজকাৰ্য্য চৰ্চ্চা কৰিবলৈ কলত, শঙ্কৰে উত্তৰ দিলে “মোক আৰু বিষয় নালাগে;ঈশ্বৰৰ নাম লৈ বহি থাকিবৰ হে মোৰ ইচ্ছা” ইয়াৰ পিছত পিতৃদেৱ কুসুমবৰৰ সৰিয়হ-তলিত শঙ্কৰদেৱে নামঘৰ মনিকুট সজাই তিনি-প্ৰসঙ্গ কৰি হৰিনাম শ্ৰৱণ কীৰ্ত্তন কৰি সুখেৰে কাল কটাবলৈ ধৰিলে। শঙ্কৰ তীৰ্থৰ পৰা অহাৰ কিছুদিনৰ পিছতে তেওঁৰ বুঢ়ীমাক খেৰসূতীৰ মৃত্যু হয়।বুঢ়ীমাকৰ শ্ৰাদ্ধ-বিধি সমাপন কৰি, শঙ্কৰদেৱে ধৰ্ম্ম প্ৰকাশ কৰি কিছুকাল থকাৰ পিছত, জয়ন্তা মাধৱ আৰু আন আন বংশ জ্ঞাতি সকলে শঙ্কৰক পুনৰ্ব্বাৰ বিবাহ কৰিবৰ নিমিত্তে অনুৰোধ কৰিলত, তেওঁলোকৰ বচন পালি, কালিকা ভুয়াঁৰ কন্যা কালিন্দীক তেওঁ বিবাহ কৰিলে।
এইদৰে ধৰ্ম্ম চৰ্চ্চা আৰু প্ৰচাৰ কৰি শঙ্কৰদেৱ বৰদোৱাত থাকোঁতে কছাৰীবিলাকে মাজে মাজে তেওঁলোকৰ গাঁৱত উপদ্ৰৱ কৰিবলৈ ধৰিলে। সিহঁতে সময়ে সময়ে অহি নানা প্ৰকাৰে গাঁৱত ইমান অত্যাচাৰ কৰিবলৈ