এওঁলোকেৰে সৈতে শঙ্কৰদেৱে সীতাকুণ্ড পালেগৈ। সীতাকুণ্ডত শঙ্কৰদেৱে স্নান দান আদি কৰি আছে। তাৰ বৰ পাণ্ডাসকলে সেই কথা শুনি শঙ্কৰদেৱৰ ওচৰলৈ আহি আলাপ কৰি তেওঁৰ প্ৰভাৱ আৰু পাণ্ডিত্য দেখি বিনয়ভাৱে তেওঁক প্ৰণাম কৰিলত, শঙ্কৰদেৱে তেওঁলোকক তুলি ধৰি প্ৰণাম কৰি কলে, “শঙ্কৰে ধৰিয়া তুলি বুলিলা বচন। নুহিক যুগুত গুৰু আমাক বন্দন॥ শূদ্ৰৰ ব্ৰাহ্মণ গুৰু বেদত কহই। আমি শূদ্ৰ আমাৰ বন্দনী তোৰা হই।” এই কথা বৰ পাণ্ডাই “শুনিয়া বুলিলা পাণ্ডা সলোতক ভাৱে। সপোনে দেখিলোঁ শূদ্ৰ নুহিকা স্বভাৱে॥ পৰম ঈশ্বৰ তুমি বৈকুঠৰ পতি। এহি বুলি স্বপ্ন বাৰ্ত্তা কহিলা তহিতি॥” পাণ্ডাৰ এই কথা শুনি, “হেন শুনি ৰূপ সনাতনে বোলে বাক। জগত ঈশ্বৰ প্ৰভু জানোহো তোমাক॥ তোমাকেসে লাগি আছিলোহো বাট চাই। মায়াবদ্ধ ছাড়ি আবে যায়োক গোসাঁই॥”
ইয়াৰ পিছত শঙ্কৰদেৱে পাণ্ডাসকলক সান্ত্বনা কৰিলে, আৰু “ ৰূপৰ ভাৰ্য্যাক বোলে শঙ্কৰ গোসাঁই। তুমি পৃথিবীত বহিবাৰ কাৰ্য্য নাই॥ চলিয়োক সনাতন ৰূপ আবে ঘৰ। ভক্তি ধৰ্ম্ম আচৰিয়া ভৱ হোৱাঁ পাৰ॥” শঙ্কৰদেৱৰপৰা এইদৰে ভক্তি ধৰ্ম্মৰ উপদেশ লাভ কৰি ৰূপ সনাতনে তেওঁৰপৰা বিচেছদ হোৱাৰ নিমিত্তে শোকত বহুত ক্ৰন্দন কৰি,পিছত শোক সম্বৰণ কৰি, মন স্থিৰ কৰি, ঘৰলৈ উভতি আহিল। পিছদিনা শঙ্কৰদেৱে গঙ্গা স্নান কৰি, বৰাহ তীৰ্থলৈ গল। বৰাহ-বিষ্ণুৰ জন্মস্থান বৰাহ তীৰ্থত স্নান দান আদি কৰি তেওঁ প্ৰয়াগলৈ গল। প্ৰয়াগৰপৰা তেওঁ পুষ্কৰ তীৰ্থলৈ গল। ইয়াৰ পিছত তেওঁ মথুৰা বৃন্দাবন পালেগৈ,আৰু তাত থাকোঁতেই আসামত লেটেকুপুখুৰীত হৰশিঙ্গা বৰাৰ ঘৰত ১৪১১ শকত বৰকণা গিৰী বা গোবিন্দ গিৰীৰ এটি পুত্ৰ ওপজে যাৰ নাম মাধৱ, আৰু যাৰ কথা এই গ্ৰন্থত পিছত বিস্তাৰিত ভাৱে কোৱা হব। তাৰপৰা ভক্তসকলৰ অনুৰোধত শঙ্কৰদেৱ দ্বাৰকালৈ গৈ চতৰ বিহুৰ দিনা ৰুক্মিণীদেৱীৰ মন্দিৰ ভক্তসকলক দেখুৱায় বুলি চৰিত্ৰত আছে। বৃন্দাবনৰপৰা শঙ্কৰদেৱ বদৰিকাশ্ৰমলৈ যায়। “মন মেৰি ৰামচৰণহি লাগু ” এই গীতটি শঙ্কৰদেৱে বদৰিকাশ্ৰমতে ৰচনা কৰে। বাৰ বছৰ এইদৰে নানা তীৰ্থ ভ্ৰমণ কৰি তেওঁ ঘৰমুৱা হৈ উভতি আহি ঘৰ পালেহি। “কতো দিনে প্ৰথক্ৰমে আসি দেৱ বৰ। ভক্তগণ সমে পাছে পাইলা নিজ ঘৰ॥”
⸻