পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


কৰিছিল। জগন্নাথত তেওঁ তিন দিন থাকি আন আন তীৰ্থ দৰ্শন কৰিবলৈ পশ্চিমৰ ফালে যাবলৈ ওলাল। তেওঁ মহেন্দ্ৰ কন্দলি আদি যাত্ৰীসকলক কলে “ তোমৰা সকল আবে গৃহে চলিয়োক। সৰ্ব্বজয় পৰ্ম্মানন্দ মোৰ লগে ৰৌক॥ আৰু বলৰাম এহি তিনি মোৰ সঙ্গে। যাইবাক লাগয় আবে গৃহে যাওক ৰঙ্গে। কন্দলিক প্ৰণামিয়া বুলি বিস্তৰ। ৰামৰাম সমে তুমি চলিয়োক ঘৰ॥ ” কিন্তু কন্দলি আৰু ৰামৰাম প্ৰভৃতিয়ে শঙ্কৰক এৰি ঘৰলৈ উভতি আহিব নোখোজাত, শঙ্কৰদেৱে নানা প্ৰকাৰে বুজাই তেওঁলোকক ওভতাই পঠিয়াই দিলে; কিন্তু বলৰাম গুৰুৱে শঙ্কৰৰ লগ কোনো মতেই নেৰিলে দেখি তেওঁকো শঙ্কৰদেৱে লগত ললে।

 “গয়া কাশী প্ৰয়াগ পুষ্কৰ আদি কৰি। শঙ্কৰো চলিলা তীৰ্থ কাৰ্য্যক আচৰি॥ ” বাৰাণসী, প্ৰয়াগ, সীতাকুণ্ড, বৰাহকুণ্ড, উত্তৰ-বাহিনী আৰু অযোধ্যা আদি শঙ্কৰদেৱে দৰ্শন কৰে। “তৈব হন্তে ৰূপ সনাতন যৈত আছে। তাহান ঘৰৰ ওচৰক পাইলা পাছে॥ শুনি দুইজনে আসিলেক লৰালৰি। ভক্তিভাৱে আসি প্ৰণামিলা পাৱে পৰি॥ মোৰ দেৱ দেৱ প্ৰভু বুলি দুইজন। পুনু পুনু প্ৰণামি দুখানি চৰণ। দেখিয়া শঙ্কৰদেৱ আঙ্গিলি ধৰিলা। তোৰা দুই ভাই আৱে কিসক আসিলা॥ হাতত মন্দিৰা দেখোঁ কি ধৰ্ম্ম আচৰা। শুনি ৰূপে বোলে তুমি জগতৰে বৰা॥ তোমাৰ আদেশে আমি ভ্ৰমি নানা স্থান। নাম ধৰ্ম্ম প্ৰকাশিয়া ফুৰোঁ যত মান॥ হে জগত গুৰু ঈশ্বৰ মুখানি। তোমাৰ মহিমা কি কহিবাক পাৰি॥ জানি কৃপাময় কৃপা কৰিয়ো এখন। তোমাৰ চৰণ যেন নাচাৰক মন। নিজ জন বুলি প্ৰভু কৰিয়ো উদ্ধাৰ। ৰাম হৰি কৃষ্ণ নাম হোক মুখে সাৰ।” এই কথা শুনি শঙ্কৰদেৱে তেওঁলোকৰ কোন আছে বুলি শুধিলত, ৰূপে উত্তৰ দিলে” তোমাৰ চৰণ বিনে আন কেহো নাই।"এই কথা শুনি শঙ্কৰদেৱে তেওঁলোকৰ ঘৰতে থাকিল। ৰাতিপুৱা তেওঁ তাৰপৰা গলত ৰূপ সনাতনো শঙ্কৰদেৱৰ লগতে গল। তেনে হোৱা দেখি ৰূপ ভাৰ্য্য়া আই, সকাতৰ হুই, কৰন্ত কাতৰ ” লগত যাবৰ নিমিত্তে। তেওঁৰ কাতৰ বাণী শুনি শঙ্কৰদেৱে কলে “ শুনিয়োক ৰূপ, পতিব্ৰতা নাৰী, তীৰ্থত সঙ্গত লাগে। সঙ্গত লৈয়োক, নাছাড়িয়ো আক, লড়িয়ো আগক আগে॥ আজ্ঞা পাইয়া ৰূপ, আপোন ভাৰ্য্য়াক, সঙ্গত লৈয়া চলিলা। শ্ৰীমন্ত শঙ্কৰো মনত হৰিষে অনেক তীৰ্থ দেখিলা।”

 ৰূপ সনাতন, ৰূপৰ পত্নী, সৰ্ব্বজয়, বলৰাম, পৰমানন্দ, ৰামৰাম গুৰু