দৈববশে আমাৰ কাপোৰ খাস গৈল। জামাতায়ো সওঁচক্ষে আমাক দেখিল॥
আমাৰো পৰিল দৃষ্টি তাহান মুখত। এহি পাপগুটি মোত ভৈল উপগত॥”এই কথা শুনি শঙ্কৰদেৱে কলে “বাৰু তাত বৰ দোষ হোৱা নাই; মই ক্ষমা কৰিলোঁ; তুমি আকৌ পানী আনাগৈ।” এইবাৰ তাই পানী আনিলত পলটো পূৰ হৈ পানী আহিল। এই কাৰ্য্য় দেখি সকলোৱে বিস্ময় মানিলে। শঙ্কৰদেৱে তেওঁলোকক কলে “ অস্ত্যজাতি দেখা কেন শান্তি বিপৰীত। ভক্তি নভৈলেসে তেজ হৰয় কলিত॥ এতেকেসে বোলোঁ শুনা ব্ৰাহ্মণ সকল। ভক্তি বিনে তপ জপ সকলো বিফল॥” ৰাধিকাক শঙ্কৰে কলে “ শঙ্কৰ বদতি শুনা পৰমা সুন্দৰী। এগোটা পলত নিয়া মৃত্তিকাক ভৰি॥ উভয় পলক নিয়া জানত দিয়োক। তাৰ দানে সিটো জান জল বন্ধ হোক॥ শুনিয়া ৰাধিকা জল আৰু মাটি দিলা। পৰিল মাত্ৰকে পাছে জল বন্ধ ভৈলা॥” ৰামচৰণ।
১৩৯৬ শকত শঙ্কৰৰ ভাৰ্য্যা সূৰ্য্যাৱতীৰ গৰ্ভত মনু নামে এটী কন্যা জন্ম হয়। মনু ন-মহীয়া হ'লত সূৰ্য্যাৱতীৰ জ্বৰত মৃত্যু হয়। তেতিয়া সূৰ্য্যাৱতীৰ বয়স পঁচিশ বছৰ। সূৰ্য্যাৱতীৰ মৃত্যুৰ আগৰেপৰা শঙ্কৰদেৱে তীৰ্থলৈ যাবলৈ ইচছা কৰিছিল। এতিয়া তেওঁ সেই কাৰ্য্য় কৰিবলৈ সুচল পালে।
সূৰ্য্যাৱতীৰ অন্ত্যেষ্টি কাৰ্য্য শ্ৰাদ্ধাদি কৰি শঙ্কৰদেৱ বৰদোৱাতে কিছুদিন আছিল।
খৰালি পানী শুকাই যোৱাত পানীৰ কষ্ট হল। শঙ্কৰদেৱক ভক্তসকলে সেই কথা জনালে। শঙ্কৰদেৱে পানীৰ কষ্ট দূৰ কৰিবৰ নিমিত্তে “বটদ্ৰৱা গঙ্গা" কেনেকৈ আনিলে, সেই অলৌকিক কথাৰ বিষয়ে চৰিত্ৰত এইদৰে লেখিছে-“উত্তৰ প্ৰদেশে আছে বট বৃক্ষ গোট। লাসে লাসে পাৱ গতি চলিলা সন্নিত॥ উপৰক চায়া পদ আঙ্গুলিৰ আগে। আটি জল আবাহন কৰি মহাভাগে। হাতৰ লাখুটি ধৰি ধেন্বাকাৰ কৰি। বটৰ উত্তৰ প্ৰান্তে আইলা আঞ্চ মাৰি॥ নাম প্ৰসঙ্গক কৰি ভক্তগণ সঙ্গে। শয়ন কৰিলা শুৰু মহা মন ৰঙ্গে। মধ্য ৰাত্ৰি গুৰুজন গৈলা তৈক লাগি। তাহান ইচ্ছোয়ে গঙ্গা আইলন্ত ভাগি॥ মহা ভয়ানক শব্দ ভৈল অতিশয়। সবে বোলে কিবা আজি প্ৰলয় মিলয়॥ টল-বল কৰি বট উপৰে পৰিল।