কোন জনী হব?” কিন্তু যেতিয়া পলৰে এপলকৈ পানী অনাৰ কথা তেওঁলোকে শুনিলে তেতিয়া তেওঁলোেক কোচ খাই গ'ল।
বামুণ আৰু ভূয়াঁসকলে এনেকুৱা শান্তি বিচাৰি নাপাই শঙ্কৰদেৱক ক'লত শঙ্কৰদেৱ মৌন হৈ ৰল। এনেতে নদীয়াল ভাৰ্য্যাস্বামী এহালে টেম্পৰাণি জানেদি ভটীয়াই যাওঁতে পাৰত অনেক লোকৰ সভা এখন দেখিলে। নদীয়ালনীয়ে গিৰিয়েকক শুধিলে “সেইখন কি সবাহ, কিহৰ মেল হৈছে।” নদীয়ালে উত্তৰ দিলে “শঙ্কৰদেৱে জানটো বন্ধাবলৈ বুলি এজনী শান্তি বিচৰাইছে. কতো বিচাৰি নাই পোৱা। তাৰ নিমিত্তেই সেইখন সবাহ হৈছে।” নদীয়ালনীয়ে কলে, “মইয়েই শান্তি।” “ আমি বান্ধিবাক পাৰো জানক এখনি। ” এই কথা শুনি নদীয়ালে ঘৈণীয়েকক ডবিয়াই কলে--"পৰম নিৰ্ব্বোধ তুই ডুমুনী অজ্ঞান॥ শৌচ সদাচাৰ তোৰ কিছু নাহিকয়। হেন জনে শান্তি বুলি মোক বখানয়॥” নদীয়াল নদীয়ালণীয়ে এইদৰে দন্দ কৰি যাওঁতে, পাৰৰ মানুহে সিহঁতৰ দন্দ শুনি শঙ্কৰদেৱক সেই কথা জনালত, শঙ্কৰদেৱে সিহঁতক মাতি আনিবলৈ মানুহ পঠিয়ালে। নদিয়াল তো ভয়ত অস্থিৰ। দুয়ো আহি দূৰৰপৰা শঙ্কৰদেৱক সেৱা কৰিলে। নদিয়ালনীৰ নাম ৰাধিকা। শঙ্কৰদেৱে ৰাধিকাক শুধিলে “কেন মতে শান্তি তুমি কহিয়ে বুজাই।" তাই উত্তৰ দিলে, “যেনেকৈ মন যায় মোৰ পৰীক্ষা কৰক।” শঙ্কৰে কলে “তুমি তেনেহলে আজিগৈ ব্ৰতে উপবাসে থাকা গৈ। কাইলৈ আহি এপল পানী আনি এই জানত দিবা। তাই সেইদিনা ঘৰলৈ গৈ ব্ৰতে উপবাসে থাকি পিছদিনা আহি সভাৰ মাজত ওলালত, শঙ্কৰদেৱে সকলোৰে আগত থকা এটা পল দেখুৱাই তাৰে এপল পাণী আনিবলৈ তাইক ক'লে। তাই ব্ৰহ্মপুত্ৰত পলটো ভৰাই তাৰে পানী আনি সভাত প্ৰবেশ কৰিলে; সকলোৱে দেখি অবাক। শঙ্কৰে দেখিলে পলটোত চাৰি আঙ্গুল পানী কম। তেওঁ ৰাধিকাক শুধিলে যে তাই কি পাপ কৰিছিল যাৰ নিমিত্তে সেই চাৰি আঙ্গুল পানী কম হল? ৰাধিকাই “নমস্কাৰে বোলে শান্তি শুনিয়োক বাপ। কৰিয়া আছোঁহো এক অজ্ঞানত পাপ॥ এক দিনা মোৰ গৃহে স্বামী নাহিকয়। বহিনী জামাতা আসি মিলিল তথায়॥ ৰান্ধিলোঁহো ভাত পাত কাটি দেস্তা নাই। কচিখন আনি পেলাই দিৱন্তে তথাই॥