পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


ধৰিলত শঙ্কৰদেৱে তেওঁকো ওপৰত কৈ অহা প্ৰথামতে শৰণ লগালে। ইয়াৰ পিছত শঙ্কৰদেৱৰ ওচৰত “ভূয়াঁ ব্ৰাহ্মণ আনো নানা লোকচয়। শৰণ লভিয়া সবে ভৈল ভাগ্যোদয়।”-দৈত্যাৰি।

 এদিন শঙ্কৰৰ ল'ৰাকালৰ অধ্যাপক মহেন্দ্ৰ কন্দলিয়ে শঙ্কৰক কলেহি যে সাতোটা হাতীয়ে তেওঁলোকৰ পথাৰৰ ধান খাই উপান্ত কৰিলে; সিহঁত ইমান দুৰ্দ্দন্ত যে যাঠী, জোং, জুই একোলৈকে সিহঁতে ভয় নকৰে। শঙ্কৰদেৱে এই কথা শুনি নিজে গৈ হাতী কেইটা খেদাই পেলাই বিঘিনি দূৰ কৰিলত ৰাইজ আচৰিত আৰু আনন্দিত হ'ল। ইয়াৰ কিছু দিনৰ পিচত ধানৰ পথাৰৰপৰা সেইদৰে শঙ্কৰদেৱে দুটা ম'হ দূৰ কৰিলে।

 ইয়াৰ পিছত মহেন্দ্ৰ কন্দলিয়ে স্বপ্নত ঐশ্বৰিক বাণী শুনি শঙ্কৰৰ ওচৰলৈ আহি তেওঁক প্ৰাৰ্থনা কৰি শৰণ ললে। “চেতন লভিয়া গুৰু ৰামৰাম স্মৰি। শুচি হৈয়া শঙ্কৰৰ ঠাইক গৈলা লৰি॥ সপ্নৰ বাতৰা কহি প্ৰণাম কৰিয়া। শৰণ ভৈগল গুৰু আনন্দিত হুইয়া॥”-দৈত্যাৰি।

 এদিন শঙ্কৰে ভূয়াঁ আৰু বিপ্ৰসকলক কলে যে আহাঁ আমি ফল্গুৎসৱ কৰোহঁক। শঙ্কৰৰ আজ্ঞা পাই এটা দৌল সাজি ফল্গুৎসৱ আৰম্ভ কৰা হ’ল। ৰামৰাম গুৰু পূজাৰি। শঙ্কৰদেৱ প্ৰতিমাৰ ওচৰতে উপবিষ্ট। চৰিত্ৰত আছে ৰামৰামে মন্ত্ৰ মাতি যতবাৰ ফাকুৰ মুঠি প্ৰতিমাৰ গাত দিছিল,ততবাৰ সেই ফাকু প্ৰতিমাৰ গাত নপৰি শঙ্কৰৰ গাত পৰিছিল। সকলোৱে এনে দেখি আচৰিত মানি শঙ্কৰক ভক্তিভাৱে প্ৰণাম কৰিবলৈ ধৰিলে।*

 ইয়াৰ পিছত এদিন শঙ্কৰে জয়ন্তা আৰু মাধৱ দুইজন পিতামহক কলে-“শুনিয়ো জয়ন্তা আৰু মাধৱ আতাই। অনিত্য সংসাৰ আত কিছু স্থিৰ নাই॥ শাস্ত্ৰক কৰিবোঁ মই ধৰ্ম্ম প্ৰকাশিবোঁ। ৰাজ্যৰ চৰ্চ্চনা ভাৰ কেন মতে লৈবোঁ॥ জানিয়া সিসব তোমাসাত সমপিলোঁ। পৰকাল চেষ্টা কাৰ্য্য কৰিবাক লৈলো॥” শঙ্কৰৰ এই কথা শুনি পিতামহ দুইজনে আলচ কৰি থিৰ কৰিলে, যে শঙ্কৰক বিয়া কৰোৱাই দিব লাগিল। বিয়া কৰোৱাই দিলেই তেওঁৰ এই সংসাৰত বিৰকতিৰ ভাবটো যাব। “শুনি পিতামহ দুই আলচ কৈলন্ত। শঙ্কৰৰ দেখা কেন বিৰক্ত ভৈলন্ত॥ যৌবন কালত নতু বিবাহ কৰয়। তথাপি বিষয় চৰ্চ্চা এৰিবাক চায়। অনা