প্ৰজাই ইয়াৰ পিছত হৰিধ্বনি কৰিবলৈ ধৰিলে। এনেতে “মহেন্দ্ৰ কন্দলি দণ্ডৱত কৰিলন্ত। কৰযোৰ কৰি সমজ্যাক বুলিলন্ত॥ শুনা সভাষদ বোলোঁ নিশ্চয় বচন। শঙ্কৰদেৱত মই পশিলোঁ শৰণ॥ শুনিয়োক সৰ্ব্বজন কহিবোঁ বুজাই। শঙ্কৰৰ মহিমাক কহন নাযায়॥ পাঠশালা মধ্যে একদিন শুতিলন্ত। অনন্তে আসিয়া তৈতে ছত্ৰ ধৰিলন্ত॥ দেখিয়া আমাক সিটো সৰ্প আন্তৰিলা। চকমক কৰি পাছে শঙ্কৰ বসিলা॥ শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন। নৰোত্তম বুদ্ধ তুমি পণ্ডিত গহন॥ উৰ্দ্ধবাহু কৰি মই কৰোঁ অঙ্গীকাৰ। শঙ্কৰত পৰ গুৰু নাহিক আমাৰ॥ শূদ্ৰ বুলি যিতো পাপী কৰে তিৰস্কাৰ। তাহাৰ ব্ৰাহ্মণ জন্ম আছোক ধিক্কাৰ।”এই বুলি মহেন্দ্ৰ কন্দলিয়ে কলত ৰামৰাম আদি কৰি সকলো শ্ৰেষ্ঠ দ্বিজে শঙ্কৰদেৱৰ আগত নম্ৰভাৱে কলে—“পাছে শঙ্কৰক তাৰা সৱে বুলিলন্ত। সাক্ষাতে জানিলো আমি তুমি ভগৱন্ত॥ আমাসাক শৰণ দিয়োক তুমি গুৰু। উদ্ধাৰ কৰিয়ো ভকতৰ কল্পতৰু॥” এই কথা শুনি হিন্দুশাস্ত্ৰ উলঙঘা নকৰা শঙ্কৰে কলে—‘শঙ্কৰে বোলন্ত ইটো কাৰ্য নুহি ভাল। ব্ৰাহ্মণ শূদ্ৰক সেৱা কৰ কোন কাল॥ বাহ্মণ শূদ্ৰৰ গুৰু বেদত প্ৰসিদ্ধ। আমাত শৰণ হৈবে নুহি যুক্তি সিদ্ধ॥” শঙ্কৰৰ উত্তৰ শুনি ব্ৰাহ্মণসকলে কলে “ বদতি ব্ৰাহ্মণ সবে শুনিয়ো বচন। কাৰ্য্য়তে লখিলোঁ আমি তুমি নাৰায়ণ॥ বৈশ্য নন্দ, ৰাজন্য জাতিত বসুদেৱ। তাহাৰাৰ পুত্ৰৰূপে ভৈলা কৃষ্ণদেৱ॥দেৱ বন্ধ ঋষি কিবা তাঙ্ক নেসেবিলা। যাৰ গুণ নামে লোক সংসাৰ তৰিলা। আমাক ভাণ্ডিবে চাৱা তুমি দেৱবৰ। তোমাত শৰণ আমি কৰিলোহে সাৰ।” ব্ৰাহ্মণসকল উপস্থিত হলহি। শঙ্কৰদেৱে দশমৰ “গোপী-উদ্ধৱ সংবাদ ” শাস্ত্ৰখনি সৰ্ব্বজয় ভকতৰ হতুৱাই অনাই থাপ কৰি সেই পুস্তকলৈ ব্ৰাহ্মণসকলক দণ্ডৱত কৰাই শৰণ লগালে। “পুস্তকক লাগি দণ্ডৱত কৰাইলা। যুক্তি অনুসাৰে তাঙ্ক শৰণ কৰাইলা।” সেই ব্ৰাহ্মণসকলৰ ভিতৰৰ প্ৰধান জনদিয়েকৰ নাম-“কবিৰত্ন, বিদ্যাৰত্ন,ৰামসৰস্বতী। আইলা বিপ্ৰগণ সেৱা কৰিবাক প্ৰতি॥ ৰামৰাম গুৰু,চতুৰ্ভুজ দুয়োজন। শঙ্কৰৰ পাশে চলি গৈলা শুভক্ষণ॥ বোলে দুয়োজনে পাছে দেৱ শঙ্কৰক। শৰণ কৰায়ো আগে প্ৰভু আমাসাক॥” শঙ্কৰে ৰামৰামৰ কথা শুনি তেওঁক কলে—“শঙ্কৰে বোলন্ত ইটো কথা নুহি ভাল। তুমি পুৰোহিত আমাৰ সৰ্ব্বকাল।” কিন্তু ৰামৰামে নেৰানেপেৰাকৈ
পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৪০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ