শঙ্কৰে চিহ্নযাত্ৰাৰ পটখন আঁকি থাকোতেই এটি ক্ষুদ্ৰ ঘটনা
ঘটছিল।পটখন প্ৰায় অঁকা শেষ হৈছিল, এনেতে শঙ্কৰৰ গৃহৰ
দাসী চন্দৰী বুঢ়ী আহি তাতে ওলালহি। চন্দৰী বুঢ়ীও কম নহয়,
বুঢ়ীয়ে কলে ডেকাগিৰী, দেখোঁ পটত বৈকুণ্ঠৰ বট বৃক্ষজুপি নাই?"এই কথা শুনি শঙ্কৰদেৱে অলপ থোতামোজা খাই কলে, যে “বৰগছ জোপা কত দিম ঠাই বিচাৰি নাই পোৱা।” এই কথা শুনি চন্দৰীয়ে হাঁহি এষাৰ কথা শুনাই দি, “এই খিনিতে দিয়া," বুলি কৈ দিলত, কল্পতৰু বৰগছজোপা সেই খিনিতে তেওঁ আঁকি দিলে। এই কথাৰ ভকতীয়া ব্যাখ্যা এৰিলেও, ইয়াৰ দ্বাৰাই বেছকৈ বুজিব পাৰি, শঙ্কৰ কেনে পৰিবাৰৰ ফল। কেনে environment অৰ্থাৎ পৰিবেষ্টনত শঙ্কৰদেৱ উঠিছিল। সেই পৰিবাৰৰ দাসীজনীও কেনে intelligent অৰ্থাৎ বুদ্ধিমতী আৰু শিক্ষিতা চোৱাঁ। এই বাবেহে কথাতে কয়, “ভগা হক, ছিগা হক,ভুয়াঁৰ পোৱালি। ফটা হক চিটা হক, পাটৰ টঙালি॥" আৰু কয় “গায়নৰ ঘৰৰ বোন্দাই ও ৰাগ দিয়ে।”
নাট লিখি, পট আঁকি, ভাৱৰীয়াক ভাও শিকাই, মুখা সাজি, সভাঘৰত শঙ্কৰদেৱে ভাৱনা আৰম্ভ কৰি দিলে। “চাৰি গোটা আৰিয়া, মটা নৱ গোট। মহা সমাৰোহে নিয়া লগাইলা সভাত॥ গায়ন বায়ন বৰ ধেমালি জুৰিলা। বৰ গায়নৰ বেশে শঙ্কৰ উঠিলা॥ উদাৰ সহিতে বৰ গোবিন্দ উঠিল। আনো ভক্তগণে পাছে গীত গাইতে লৈল॥ প্ৰথমে শঙ্কৰদেৱে ৰাগ তুলিলেক। উদাৰ প্ৰভৃতি ভক্তে দোহাৰে প্ৰত্যেক॥ তিমিৰ ৰাগক পাছে বলায়ে জুৰিলা। বায়ুমণ্ডল ৰাগ শঙ্কৰেও দিলা॥”
শঙ্কৰে নাট-ধেমালি, বৰ-ধেমালি বজালে, বৰ বায়ন হৈ ন-টা খোল লৈ একে লগে বজালে। সূত্ৰধাৰ হৈ শঙ্কৰে নানা ভাৱ ভঙ্গীৰে নৃত্য কৰি ভাৱনাৰ সূত্ৰ মাতিলে। মুঠতে ভাৱনাৰ গোটেই অংশতে সকলো ঘাই কামতে শঙ্কৰ।
যাত্ৰাৰ অন্তত শঙ্কৰে শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিৰ ওচৰলৈ গৈ তেওঁক সেৱা কৰিব খোজোঁতেই কন্দলিয়ে বাধা দিলে—“প্ৰণামিবে চাহে গুৰু কন্দলি দেখিয়া। কি কৰাহা বুলি তাঙ্ক ধৰি আলিঙ্গিয়া॥ তোমাকেসে নমস্কাৰ কৰিবে লাগয়। তুমিসি ঈশ্বৰ মই জানোহো নিশ্চয়॥" এইবুলি কলত শঙ্কৰ উলাটি গল। ভাৱনা চাবলৈ অহা প্ৰায় দহ হেজাৰমান