পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


দেৱেও একশৰণ নাম-কীৰ্ত্তন ধৰ্ম্মকে লোকক শিক্ষা দিছিল। তেওঁ নিজে লিখা কোনো পুথি নাথাকিলেও তেওঁৰ চৰিত্ৰ লিখক ৰামৰায় আৰু তেওঁৰ প্ৰধান আৰু প্ৰিয় শিষ্য ভট্টদেৱৰ পুথি চালে এই বিষয়ে কাৰো সংশয় থাকিব নেলাগে। দামোদৰ দেৱৰ পববৰ্তী সময়ত কোনো কোনো বৈষ্ণৱ আচাৰ্য্যই তান্ত্ৰিক ধৰ্ম্ম শিক্ষা দিবলৈ আৰম্ভ কৰাৰ বিশেষ কাৰণ আছিল। বিদেশী শান্তিপুৰীয়া ভাচাৰ্য্যৰ ঘৰে ৰজাক আৰু লাহে লাহে তেওঁৰ ঘাই অমাত্যসকলক শিষ্য কৰা দেখিয়েই যে উজনী দামোদৰ পন্থী কোনো কোনো, গোসাঁইয়ো পূৰ্ব্বৰ নিয়ম লৰচৰ কৰি ধৰ্ম্ম শিক্ষা সময় উপযোগী বা পাত্ৰ উপযোগী কৰিবলৈ চেষ্টা কৰিছিল এই কথা সহজে বুজিব পাৰি। অনুমান তেতিয়াৰপৰাই এওঁলোকে শাক্তক শাক্ত মন্ত্ৰ আৰু বৈষ্ণৱক বৈষ্ণৱ মন্ত্ৰ দিবলৈ ধৰে। বোধ কৰো তেনে কৰাৰ বাবেই তেওঁলোক বাজানুগ্ৰহত বিশেস মান্যৱন্ত আৰু আঢ্যৱন্ত হৈছিল। বাস্তবিক দেশীয় জাতীয় ভাৱৰপৰা বিবেচনা কৰি চালে তেওঁলোকে এনে নীতি অবলম্বন নকৰা হলে বিদেশীৰ বজালী ধৰ্মগুৰৰ হে আধিপত্য দেখিলোঁহেঁতেন। কিন্তু সেই বুলি এই সকল পৰবৰ্তী আচাৰ্যই শিক্ষা দিয়া পৰিবৰ্তিত ধৰ্ম্মমতেই যে মূলত দামোদৰ দেৱৰ ধৰ্ম্মমত আছিল এনে স্থিৰ কৰা আমাৰ বিশ্বাসেৰে ভুল। শঙ্কৰ, মাধৱৰ নিচিনাকৈ দামোদৰ দেৱেও কোচ ৰজাৰ সভাত নিৰ্ভয় ভাৱে একশৰণ নাম-কীৰ্ত্তন ধৰ্মৰ গৌৰৱ ৰক্ষা কৰিছিল। কোচ ৰজাই দামোদৰ দেৱক দুৰ্গাপূজা, গঙ্গাস্নান, যাগ যোগ ব্ৰত আদি এৰাৰ কাৰণ শোধাত দামোদৰ দেৱে উত্তৰ দিলে :-

“তীৰ্থক সেৱন দেবী উপাসন
 ধৰ্ম্ম কৰ্ম্ম যাগ যোগ।
ৰাম কৃষ্ণ নামে সকলে সিজয়
 নালাগে একো উদ্যোগ॥

 * * 

একেসে ৰাম কৃষ্ণ নাম বিনে
 নাজানোহোঁ আমি আন।
কৃষ্ণৰ নামত ধৰ্ম্ম কৰ্ম্ম যত
 সবাৰ আশ্ৰয় স্থান॥”

-ৰামৰায় দ্বিজ কৃষ্ণ গুৰুলীলা।