পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৭
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ

 এই ধৰ্ম্ম প্ৰচাৰৰ নিমিত্তে ভাগৱত, গীতা, আৰু পদ্মপুৰাণৰ সহস্ৰনাম এই তিনিখনি মুল শাস্ত্ৰ অৱলম্বন কৰি মহাপুৰুষ দুজনে আৰু তেওঁলোকৰ যুগৰ কেবাজনো বৈষ্ণৱধৰ্ম্ম শিক্ষকে সংস্কৃত আৰু অসমীয়া ভাষাত পুথি লিখিছিল। এইবিলাক পুথিৰ ঘাইকেইখন আৰু লেখকৰ নাম যিমান দূৰ জনা যায় তলত দিয়া হল।

 শ্ৰীশঙ্কৰদেৱ-ভাগৱতৰ প্ৰথম আৰু দ্বিতীয় স্কন্ধ, আৰু তৃতীয় স্কন্ধৰ অনাদিপাতন, ষষ্ঠ স্কন্ধৰ অজামিলোপাখ্যান, অষ্টম স্কন্ধ, দশম স্কন্ধৰ আগছোৱা, একাদশ আৰু দ্বাদশ স্কন্ধ, নিমি নৱসিদ্ধ সংবাদ, কীৰ্ত্তন, ভক্তিপ্ৰদীপ, ভক্তি- ৰত্নাকৰ (সংস্কৃত), গুণমালা, ভটিমা, বৰগীত।

 শ্ৰীমাধৱদেৱ—নামঘোষা, ভক্তিৰত্নাৱলী, নামমালিকা, জন্মৰহস্য, ভটিমা, বৰগীত।

 শ্ৰীভট্টদেৱ-কথা গীতা, কথা ভাগৱত, ভক্তিবিবেক (সংস্কৃত)।

 শ্ৰীসুকবিশেখৰ বা অনন্ত কন্দলী-ভাগৱতৰ শেষ দশম,ষষ্ঠ স্কন্ধৰ বৃত্ৰাসুৰবধ, সহস্ৰনাম বৃত্তান্তৰ পদ (কীৰ্ত্তন পুথি ভক্ত), শৰণ সংহিতা (সংস্কৃত)।

 শ্ৰীগোবিন্দ মিশ্ৰ-গীতাৰ পদ, ভক্তিবিবেকৰ পদ।

 শ্ৰীকবিচন্দ্ৰ মিশ্ৰ-হৰিকীৰ্ত্তন গৌৰৱ (সংস্কৃত)।

 শ্ৰীৰামচৰণ ঠাকুৰ-ভক্তিৰত্নাকৰৰ পদ।

 শ্ৰীভাগৱত মিশ্ৰ-সাত্ত্বত তন্ত্ৰৰ পদ।

 শ্ৰীসাৰ্ব্ববভৌম ভটাচাৰ্য্য—পদ্মপুৰাণ স্বৰ্গখণ্ড ৰহস্যৰ পদ।

 শ্ৰীৰাম-ভক্তি চন্দ্ৰ মালা।

 এই তালিকাত ৰামায়ণ মহাভাৰত আৰু নাট আদি ধৰা হোৱা নাই। চাবলৈ গলে এই যুগৰ অসমীয়া সাহিত্যই এই নামকীৰ্ত্তন ধৰ্ম্মমূলক।

 মহাপুৰুষীয়া সম্প্ৰদায়ৰ ধৰ্ম্মমত সম্পৰ্কে আমাৰ যি বুজা হৈছে আৰু সংক্ষেপ ভাৱে লিখা হল। সকলো আৱশ্যকীয় কথাৰ উল্লেখ হৈছে বুলি আমি সাহকৈ কব নোৱাৰোঁ। কোনো দোষ দেখিলে পাঠকসকলে নিজগুণে আমাক ক্ষমা কৰিব। আমাৰ বিশ্বাসমতে এই প্ৰবন্ধত ধৰ্ম্মমতৰ সংক্ষেপ মৰ্ম্ম লিখা হল সেই ধৰ্ম্মমত অসমীয়া বৈষ্ণৱ সাধাৰণৰে ধৰ্ম্মমত বুলিলে একে ভুল নহয়। কাৰণ শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বাহিৰে আসামৰ আন জন ঘাই ধৰ্ম্মপ্ৰবৰ্ত্তক দামোদৰ দেৱৰ প্ৰচাৰিত ধৰ্ম্মও এয়ে আছিল৷ দামোদৰ