বুলি মানে। কোনোৱে কাম স্ত্ৰী সম্ভোগ আদিকে জীৱনৰ ঘাই কৰ্ম্ম বুলি মানে। কোনো কোনো দেহাত্মাবাদী নাস্তিকৰ মতে “ভষ্মীভূতস্য দেহস্য পুনৰাগমন কুতঃ। তস্মাৎ সৰ্ব্ব প্ৰষত্নেন ঋণং কৃত্বা ঘৃতং পিবেত॥” অৰ্থাৎ Eat. Drink and be merry।” প্ৰকৃততে কিন্তু ক্ষণস্থায়ী সামান্য সুখৰ কামনা কৰি নিত্যানন্দক বিচৰাই একমাত্ৰ কৰ্ত্তব্য। ভক্তি নহলে নিত্যানন্দ ভগৱানক লাভ কৰা নাযায়। ভগৱদ্ভক্তি হলে জীৱৰ একেবাৰে অভাৱ নেথাকে। লৌকিক বিষয় সম্ভোগলৈ বৈৰাগ্য হলেও ভক্তৰ নিত্য অলৌকিক সন্তোগ হয়। অণিমাদি ঐশ্বৰ্য্য ভক্ত সাধকৰ পিছে পিছে ফুৰে। এয়ে গীতাৰো উপদেশৰ মৰ্ম্ম। ভাগৱত আৰু গীতা দুয়োখানি গ্ৰন্থতে ভক্তিযোগৰ প্ৰাধান্য দেখুৱা হৈছে, সেই বাবে এই দুই- খনিয়েই বৈষ্ণৱ সমাজৰ ধৰ্ম্মৰ মূল ভেটি।
ভাগৱত ধৰ্ম্ম বা ভাগৱতী ধৰ্ম্ম কি এই বুলি নিমি ৰাজাই প্ৰশ্ন কৰাত নৱসিদ্ধৰ জ্যেষ্ঠজন কবিয়ে ৰাজাক উত্তৰ দিছে :-
“কায়েন বাচা মনসেন্দ্ৰিয়ৈৰ্ব্বা বুদ্ধ্যাত্ননা বানুস্বতস্বভাৱাৎ
কৰোতি যদ্ যৎ সকলং পৰস্মৈ নাৰায়ণায়েতি সমৰ্পয়েত্তৎ॥
ভয়ং দ্বিতীয়াভি নিবেশতঃ স্যাদীশাদপেতস্য বিপৰ্য্যয়োহস্মৃতিঃ।
তৎ কৰ্ম্ম সংকল্প বিকল্পকং মনো বুধো নিৰুন্ধ্যাদভয়ং ততঃস্যাৎ॥
শৃণ্বন্ সুভদ্ৰাণি ৰথাঙ্গপাণে জন্মানি কৰ্ম্মাণি চ যানি লোকে।
গীতানি নামানি তদৰ্থকানি গায়ন বিলজ্জো বিচৰেদসঙ্গঃ॥”
দেহ, বাক্য, মন, ইন্দ্ৰিয়, বুদ্ধি, চিত্ত, নিজ সংস্কাৰ বা স্বভাৱ অনুসাৰে যি যি কৰ্ম্ম কৰা হয় সকলো সেই পৰাৎপৰ পৰমেশ্বৰক সমৰ্পণ কৰা উচিত। ঈশ্বৰবিমুখ লোকবিলাকে আত্মভাব পাহৰি দেহাদি নশ্বৰ বস্তুত আসক্তি কৰে আৰু সেই বাবেই নানা প্ৰকাৰ শোক মোহ আদিৰপৰা ভয় পায়। এতেকে যাৰ মায়াৰ গুণত এনে হয় সেই পৰমেশ্বকে বুদ্ধিমান- বিলাকে সাক্ষাৎ গুৰু বুলি ভাবি অব্যভিচাৰী ভক্তিৰ দ্বাৰাই ভজনা কৰে। চক্ৰপাণি শ্ৰীহৰিৰ সৰ্ব্বপাপনাশন, জন্ম, কৰ্ম্ম, নাম, গুণ গীত আদি সামাজিক লাজ এৰি কীৰ্ত্তন কৰি সাধু ভক্তবিলাকে অনাসক্ত ভাৱে সংসাৰত ফুৰে। এই ভাগৱতী ধৰ্ম্মই শঙ্কৰ, মাধৱ, দামোদৰৰ দ্বাৰাই প্ৰচাৰিত একশৰণ নাম কীৰ্ত্তন ধৰ্ম্ম।