আনো আনো মত, কৰন্ত সতত, বায়ু সমে ক্ৰীড়া আতি।
যোগ শাস্ত্ৰ মত, ধৰি যোগ যত, আচৰন্ত দিনে ৰাতি॥
ধ্যান, ধাৰণা, সমাধি, আসন, প্ৰাণায়াম আদি যত।
বিষয়ত ৰতি, ত্যজিয়া সম্প্ৰতি, আচৰা মাত্ৰ সতত॥
শৰীৰৰ ছয় চক্ৰক ছিণ্ডন্ত, মনত কৰি নিয়ম।
পাছে ভাগৱত শাস্ত্ৰক পাইলন্ত সবাতো কৰি উত্তম॥
ভাগৱত তত্ব জানিয়া পাছত এৰিলা যোগ অভ্যাস।”
শঙ্কৰদেৱ দেখিবলৈ সুপুৰুষ আছিল, আৰু তেওঁৰ গাৰ বৰণ কেচা-সোণৰ বৰণ যেন আছিল। দৈত্যাদি ঠাকুৰে লেখিছে-
“দেখিতে সুন্দৰ গৌৰবৰ্ণ কলেৱৰ।
কৰন্ত প্ৰকাশ অতি সূৰ্য্য সমসৰ॥
ৰূপ দেখি কন্দপৰো দৰ্প হোৱে চন্ন।
সৰ্ব্বজন বৰ্ত্তি থাকে মধুৰ বচন॥
গমন গম্ভীৰ, নেত্ৰ কমলৰ পাসি।
চন্দ্ৰসম বদন প্ৰকাশে অল্প হাসি॥
সুবোধ সুথিৰ ধীৰ গম্ভীৰ সাগৰ।
প্ৰীতি বাঢ়ি যাৰ তান্ত সমস্ত লোকৰ।”
মাধৱদেৱে লিখিছে-
“দৰশিতে সুন্দৰ গৌৰ কলেৱৰ, যৈচন সুৰ পৰকাশ।
সকলো সভাসদৰয়ন যাকেৰি দৰশনে পাপ বিনাশ॥
বিনা অঙ্গভূসণ, পেখিতে সুশোভন, গহীন গম্ভীৰ ধীৰ মূৰ্ত্তি।
আযত কমল-নয়ন বৰ সুন্দৰ বয়ন চান্দকহো জ্যোতি॥
লীলা গজপতি গমন বিলোকন, বাণী মেঘ গম্ভীৰ।
পাষণ্ডমৰ্দ্দন কলিক কালে যাক সম নাহি ধীৰ॥”
শঙ্কৰদেৱ যেনে শুৱনি পুৰুষ আছিল তেওঁৰ গাত তেনে বৰ বলো আছিল। চৰিত্ৰ পুথিত আছে—এদিন তেওঁ কমলি ধৰা পৰমানন্দ আতৈৰ সৈতে বাটেদি যাওঁতে এটা দুষ্ট ঘাঁড়ে তেওঁক খুচিবলৈ খেদি অহা দেখি তেওঁ ককালত কাপোৰ বান্ধি লৈ দুইহাতে যাঁড়টোৰ দুই শিঙত ধৰি ষাৰ-মুচৰি তাক পিছহোঁহোকাই পেলাই দিলত ষাঁড়টো মৃতকল্প হৈ অলপমান পৰি থাকি, উঠি পলাই লৰ মাৰিলে। এই ষাঁড়টোৱে নটা মানুহ মাৰিছিল। কুৰি বছৰ বয়সত শঙ্কৰে এই ষাণ্ডমৰ্দ্দন কৰিছিল। ৰামচৰণ ঠাকুৰে লেখিছে, শঙ্কৰদেৱে ষাড়টোৰ এই দুৰ্গতি কৰি ঘৰলৈ যাওঁতে, “পথত সকলো