জানি ইটো তত্ব ঈশ্বৰ কৃষ্ণত
হুয়োক একশৰণ।
গোৱা গুণ গীত কৰি এক চিত্ত
বঞ্চিও যমৰ ৰণ॥
কলিত নামেসে কলিত নামেসে
কলিত নামেসে গতি।
নাম এৰি আন গতি নাই নাই
নাই জানা প্ৰতি প্ৰতি।”
এই পদ কেফাকিতে ধৰ্ম্মৰ চুম্বক মৰ্ম্ম পোৱা যায়। অলপ কথাৰ দ্বাৰাই এনেকৈ সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰাৰ ক্ষমতা মহাপুৰুষ শঙ্কৰৰ হে আছিল। ওপৰৰ পদ কেশাৰীৰ এটি শব্দও পেলনীয়া নহয়। এইদৰে পুথিৰ এঠাইত নহয় পাতে পাতে ভিন ভিন ভাষাৰে হৰিনাম ধৰ্ম্ম জনসমাজত প্ৰচাৰ কৰাই তেওঁৰ উদ্দেশ্য আছিল। তেওঁৰ গুণ সুৱৰি সুৱৰি তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখিছিল :-
“হৰি ভকতিৰ পাতিলন্ত হাট
শঙ্কৰে জগত জুৰি।
হৰি নামৰত্ন বেহায়া জগতে
চলয় বৈকুণ্ঠ পুৰী॥”
পূৰ্ব্বে কোৱা হৈছে যে গীতাৰ একশৰণ আৰু ভাগৱতৰ সৎসঙ্গ মহাপুৰুষীয়া ধৰ্ম্মই লৈছে। এই সৎসঙ্গ সম্বন্ধে ভাগৱতত ভগবানে উদ্ধৱক উপদেশ দিছে :-
“প্ৰায়েন ভক্তিযোগেন সৎসঙ্গেন বিনোন্ধব।
নোপায়ো বিদ্যতে সম্যক প্ৰায়ণংহি সতামহং॥
“ন বোধয়তি মাং যোগো ন সাংখ্যং ধৰ্ম্ম এব চ।
ন স্বাধ্যায়স্তপস্ত্যাগো নেষ্টাপূৰ্ত্তং ন দক্ষিণা॥
ব্ৰতানি যজ্ঞশ্চন্দাংসি তীৰ্থানি নিয়মা যমাঃ।
যথা বৰুদ্ধে সৎসঙ্গ সৰ্ব্ব সঙ্গাপহোহি মাং॥”
ওপৰোক্ত প্ৰকাৰে সাধুসঙ্গৰ উপকাৰিতা বৰ্ণনা কৰি ভগবানে উদ্ধৱক উপদেশ দিছে,-“হে উদ্ধৱ, তুমি শ্ৰৌত স্মাৰ্ত্ত বিলাকলৈ আস্থা নকৰি সৰ্ব্বতোভাৱে মোৰ শৰণাগত হোৱা, মোৰপৰাই তুমি নিৰ্ভয় হবা।” এই