পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২১
শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ


ম্লেছ, ব্ৰাহ্মণ, চণ্ডাল সকলোৰে নিমিত্তে এই বিশ্বাসৰ ধৰ্ম্ম এই একশৰণ ধৰ্ম্ম উপযুক্ত আৰু সৰ্ব্বতোভাৱে আৱশ্যকীয়। এই ধৰ্ম্মৰ ঈশ্বৰ সাধনাৰ উপায় দাস্য ভাবে, অৰ্থাৎ গীতাৰ উপদিষ্ট ভাবে, সকলো ঈশ্বৰত সমৰ্পণ,ঈশ্বৰৰ প্ৰিয় কাৰ্য্য সাধন, অপ্ৰিয় কাৰ্য্য বৰ্জ্জন, ঈশ্বৰৰ নামগুণ শ্ৰৱণ কীৰ্ত্তন,নাম ৰূপ স্মৰণৰ দ্বাৰাই নিত্য তেওঁৰ উপাসনা। শ্ৰৱণ কীৰ্ত্তনাদিৰ দ্বাৰাই বহিৰঙ্গ সাধনা আৰু ৰূপচিন্তাৰ দ্বাৰাই অন্তৰঙ্গ সাধনা।

“কৰ্ণে কথা মনে ৰূপ মুখে তযু নাম।
ৰহোক সদাই ডাকি বোলা ৰাম ৰাম॥”

 মহাপুৰুষসকলে বুজাইছিল যে ধ্যান ধাৰণা যজ্ঞ পূজা আদি সত্য ত্ৰেতা দ্বাপৰাদি যুগৰ সাধনাৰ উপযুক্ত ধৰ্ম্ম সাধনৰ উপায় আছিল অৰ্থাৎ সেইবিলাক বৰ্ত্তমান যুগৰ পাপমতি লোকৰ পক্ষে অনুপযুক্ত। শ্ৰৱণ কীৰ্ত্তন স্মৰণৰ দ্বাৰায়ে ব্ৰহ্মানুভূতি সম্ভৱ হয়। শ্ৰদ্ধা ভক্তি সহকাৰে নিত্য শ্ৰৱণ কীৰ্ত্তন স্মৰণ কৰিব পাৰিলে অলপ কালৰ ভিতৰতে হৃদয়ত ঈশ্বৰ প্ৰকাশিত হয়। এনে আশ্বাসপূৰ্ণ উপদেশৰপৰা বাস্তবিক সংসাৰীৰ মনত আশাৰ সঞ্চাৰ হয়,হৃদয়ত বল হয়। প্ৰাচীন কালত আৰ্য্য ঋষিয়ে এই দৰে বিশ্ববাসী সকলোকে আশ্বাস দি কৈছিল :-

“শৃণ্বত্ত বিশ্বেহমৃতস্য পুত্ৰা
আ যে ধামনি দিব্যানি তস্থুঃ॥
বেদাহমেতং পুৰুষং মহান্ত--
মাদিত্য বৰ্ণং তমসঃ পৰস্তাৎ॥
তমেব বিদিত্বাতিমৃত্যুনেতি
নান্যঃ পন্থা বিদ্যতেহয়নায়॥”

দিব্য ধাম বাসী যত   অমৃত সন্তান সবে
 শুনা শুনা হুই সাবধান।
জানিছোঁ নিশ্চয় মই  তিমিৰ অতীত সেই
 জ্যোতিৰ্ম্ময় পুৰুষ মহান্॥
জানিলে মানৱে যাক বিধিৰ কিঙ্কৰ গুচে,
 নাথাকিব মৰণৰ ভয়।
কহিলোঁ ধুৰুপ সাৰ, মৃত্যু ভয় তৰিবৰ
 আন পন্থা আৰু নাই নাই॥