স্থাপন কৰিব খোজে। এনে মিলন গোজামিলন মাথোন। সত্য ধৰ্ম্মৰ লগত এনে গোজামিলন নচলে। যি সত্য ধৰ্ম্ম সি কি নিম্ন অধিকাৰী,কি উচচ অধিকাৰী সকলোৰে পক্ষে জাতি বৰ্ণ নিৰ্ব্বিশেষে সত্য আৰু পালনীয়। গীতাত ভিন ভিন পন্থৰ যি মিলন কৰা হৈছে সি গোজামিলন নহয়। গীতাই কৰ্ম্মীৰ কৰ্ম্ম, জ্ঞানীৰ জ্ঞান, যোগীৰ ধ্যান ঈশ্বৰমুখী কৰি বিশ্বাস আৰু একশৰণ ভক্তিৰ ধৰ্ম্ম প্ৰচাৰ কৰিছে। গীতাৰ কৰ্ম্ম ঈশ্বৰৰ কৰ্ম্ম, গীতাৰ জ্ঞান ঈশ্বৰৰ জ্ঞান, গীতাৰ ধ্যান ঈশ্বৰৰ ধ্যান।এই অপূৰ্ব্ব মিলনত কৰ্ম্ম, জ্ঞান, ধ্যান সকলো ভক্তিযোগৰ অন্তৰ্গত হৈছে। শেষ ফল-কৰ্ম্ম ভক্তিমূলক, জ্ঞান ভক্তিমূলক ধ্যান ভক্তিমূলক। ভক্তিবিবৰ্জ্জিত কৰ্ম্ম জ্ঞান আৰু ধ্যান অকৰ্ম্মণ্য, ফুটুকাৰ ফেন। গীতাৰ ভক্তিমূলক বিশ্বাস আৰু শৰণৰ ধৰ্ম্ম উচ্চৰপৰা নিম্নলৈকে সকলোৰে পক্ষে উপযুক্ত। এয়ে সাৰ্ব্বলৌকিক আৰু সাৰ্ব্বভৌমিক ধৰ্ম্ম।
ধৰ্ম্ম সাধনাৰ নানা উপায় নানা মত নানা পন্থা দেখা যায়। শান্তভাষ, দাস্যভাব, বীৰভাব, স্ত্ৰীভাব, সন্তানভাব, আদি ভাব আছে; নিৰাকাৰ পোষক আছে, পৌত্তলিক আছে, জহোপাসক আছে, কঠোৰ তপস্যাব্ৰত ধৰা যোগী আছে, পশুঘাত কৰি পশুৰ ৰক্তৰ দ্বাৰাই পূজা কৰা শক্তি উপাসক আছে, কাপালিক আছে, অঘোৰপন্থী আছে, সহজ ভজন আছে,বাতি-খোৱা পূৰ্ণধৰীয়া ভকতো আছে। সকলো পথ সত্য পথ নহয়। সকলো পথ সমান নহয়। কোনো পথ সহজ আৰু সুগম, কোনে পথ দুৰ্গম আৰু বিপদপূৰ্ণ আৰু কোনো পথ ঘৃণনীয়। অমুকৰ ঘৰলৈ যাব লাগিলে তেওঁৰ পদুলিয়েদি বাট-ঘৰৰ তলেদি চৰাঘৰলৈ যাব পাৰি, নাইবা তেওঁৰ ঢাপৰ বাহিৰৰ তিনিহতীয়া খাল ডেই, থিয় ঢাপ বগাই, ঢাপত ৰোৱা বাঁহৰ আজোৰ খাই, বাঁহৰ চেচুকত গজা চোৰাতৰ মাজেদিও ওলাবগৈ পাৰি; নাইবা তেওঁৰ বাৰীৰ পিছ ফালৰ ছুৱাপাতনিৰ ওপৰেদিও যাব পাৰি। সহজ ভাল পথ থকাত বেয়া পথ অৱলম্বন কৰা উচিত নহয়। বেয়া পথেদি গলে অনেক সময়ত নানা বাধা, বিপদ, প্ৰলোভন আদিৰ বাবে গম্য ঠাইত উপস্থিত হোৱা অসম্ভৱ হৈ পৰে।
এইদেখি শঙ্কৰ মাধৱ আৰু দামোদৰ এওঁলোকে শিকাইছিল যে ঈশ্বৰত দৃঢ়বিশ্বাস আৰু একান্ত শৰণেই প্ৰকৃত ধৰ্ম্ম আৰু এয়ে সহজ ধৰ্ম্ম পথ। প্ৰজা, ধনী, নিৰ্ধনী, পণ্ডিত, মুৰ্খ, গৃহী, উদাসীন সাধক, অসাধক, আৰ্য্য,